Road Accident in Jorhat : তিনিখনকৈ বাহনত প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাকৰ
যোৰহাট,২৪অক্টোবৰ: যোৰহাটৰ পুলিবৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
পুলিবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নাই কোনো যানবাহন আৰক্ষী নাই কোনো নিৰাপত্তা ব্যৱস্থা(Road Accident in Jorhat)।ফলত সঘনে সংঘটিত হয় পথ দুৰ্ঘটনা।পুলিবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ দুৰ্ঘটনাগ্ৰস্ত এলেকা হিচাপে চিনাক্ত।
পুনৰ যোৰহাটৰ পুলিবৰত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।পুলিবৰ ৩৭ নং ৰাষ্ট্ৰীয ঘাইপথত দুখন বিলাসী বাহনসহ এখন মটৰ চাইকেলত প্ৰচণ্ড খুন্দা এখন চলন্ত ট্ৰাকৰ।ফলত কথমপি প্ৰাণ ৰক্ষা চালকসহ যাত্ৰীৰ।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।
লগতে পঢ়ক :Missing School girls From Guwahati : বিদ্যালয়লৈ যোৱাৰ পথত নিৰুদ্দেশ নৱম শ্ৰেণীৰ ছাত্ৰী