Local, Vocal, Global

Daily Horoscope for 22th October : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: মনৰ ভিতৰত চলি থকা অদৰকাৰী চিন্তাই দুৰ্বল কৰি তুলিব পাৰে ৷ পৰিয়ালৰ লগত ব্যস্ততাৰ বাবে সময় কটাব নোৱাৰিব ৷ চৰকাৰী কামত সফলতা লাভ কৰিব ৷

বৃষ ৰাশি: লাভৰ পৰিমাণ বৃদ্ধি হ’ব ৷ পিতৃৰ ফালৰ পৰা লাভান্বিত হ’ব ৷

মিথুন ৰাশি: নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ চৰকাৰী কামত সফলতা লাভ কৰিব ৷ শৰীৰৰ ওপৰত চকু ৰাখক ৷

কৰ্কট ৰাশি: শৰীৰ আৰু মানসিক স্বাস্থ্য ভাল নহয় ৷পৰিয়ালৰ লগত সম্বন্ধৰ অৱনতি হ’ব ৷ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকে বিচৰা ফল পাবলৈ কষ্ট কৰিব লাগিব ৷

সিংহ ৰাশি: খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব ৷ আত্মবিশ্বাস আৰু স্পষ্টবাদিতাই সিদ্ধান্ত গ্ৰহণত সহায় কৰিব ৷ পিতৃৰ পৰা লাভৱান হ’ব ৷ শৰীৰৰ যত্ন লওক ৷

কন্যা ৰাশি: অহংকাৰৰ ফলত কাৰোবাৰ লগত মতানৈক্য হ’ব ৷ তৰ্ক বিতৰ্ক নকৰিব ৷ ধ্যান কৰি মন শান্ত কৰিব পাৰিব ৷

তুলা ৰাশি: লাভজনক দিন ৷ সফলতা লাভ কৰিব ৷ বন্ধুৰ লগত ফুৰিবলৈ যাব পাৰে ৷

বৃশ্চিক ৰাশি: সৌভাগ্য আৰু আশাৰে ভৰা এটা দিন ৷ কামত সকলো সন্তুষ্ট হ’ব ৷ সকলো কাম সহজে সম্পন্ন হ’ব ৷

ধনু ৰাশি: শৰীৰৰ যত্ন লওক ৷ এলাহভাৱে অসুবিধাত পেলাব ৷ ব্যৱসায়ত লোকচান হ’ব ৷ ফলত মানসিক স্থিতি দুৰ্বল হ’ব পাৰে ৷ ধ্যান কৰক ৷

মকৰ ৰাশি: খৰচ বৃদ্ধি হ’ব ৷ শৰীৰৰ যতন লওক ৷ বাহিৰা খাদ্য গ্ৰহণ কৰোঁতে সাৱধান হওক ৷ প্ৰেমত শুভ ৷

কুম্ভ ৰাশি: আত্মবিশ্বাসৰ ফলত কামবোৰ সফলতাৰে শেষ কৰিব পাৰিব ৷ বন্ধুৰ লগত ফুৰিবলৈ গৈ আনন্দ লাভ কৰিব ৷

মীন ৰাশি: গ্ৰহৰ দশা ভাল ৷ শৰীৰ আৰু মন ভালে থাকিব ৷ খঙক প্ৰাধান্য নিদিব ৷