Local, Vocal, Global

Fire Break Out in Bilasipara : বিধ্বংসী অগ্নিকাণ্ড;ভস্মীভূত চাৰিটাকৈ বাসগৃহ,ক্ষয়-ক্ষতি লক্ষাধিক টকাৰ সা-সম্পত্তিৰ

বিলাসীপাৰা,২২অক্টোবৰ : বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।অগ্নিকাণ্ডত ভস্মীভূত চাৰিটাকৈ বাসগৃহ।ক্ষয়-ক্ষতি লক্ষাধিক টকাৰ সা-সম্পত্তিৰ।

বিলাসীপাৰাত সংঘটিত হৈছে ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা।সোমবাৰে বিলাসীপাৰাৰ কাঠালদি দ্বিতীয় খণ্ড গাঁৱত সংঘটিত হয় এই ভয়াবহ অগ্নিকাণ্ডৰ ঘটনাটো।

এই অগ্নিকাণ্ডটো ইমানে ভয়ংকৰ আছিল যে নিমিষতে ভস্মীভূত হয় চাৰিটাকৈ বাসগৃহ। আশ্ৰাফ আলী, নওসাদ আলী, ভোলা সেখ আৰু আব্দুল হক নামৰ লোককেইজনৰ চাৰিটাকৈ গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।অগ্নিকাণ্ডৰ ফলত ঘৰত মজুত থকা ধান, চাউলকে ধৰি প্ৰয়োজনীয় সকলো নথি পত্ৰ জুইত ভস্মীভূত হয়(Fire Break Out in Bilasipara)।

জানিব পৰা মতে, অগ্নিকাণ্ডৰ ফলত আনুমানিক প্ৰায় ১০ লক্ষাধিক টকাৰ সা-সম্পত্তি ক্ষয়-ক্ষতি হয়।

এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত বিলাসীপাৰা অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হয় জুই নিৰ্বাপিত কৰে।ফলত গাঁৱখনৰ বাকী গৃহসমূহ কথমপি ৰক্ষা পৰে।

বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ ফলত অগ্নিৰ সূত্ৰপাতৰ সন্দেহ।

লগতে পঢ়ক :Protest Against Smart Meter : ৰাজ্যত হাহাকাৰ লাগিছে স্মাৰ্ট মিটাৰ নামত;বিলাসীপাৰাত ৰাজপথত শতাধিক পুৰুষ মহিলাৰ প্ৰতিবাদ