Body found in Jia Bharali River: অৱশেষত উদ্ধাৰ জীয়াভৰলী নদীত সন্ধানহীন হৈ থকা পিতা-পুত্ৰৰ মৃতদেহ
নিউজ ডেস্ক,২১অক্টোবৰ : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ(Body found in Jia Bharali River)।
বিগত দিনসমূহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মৃতদেহ উদ্ধাৰৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ।
এইবাৰ শোণিতপুৰৰ জীয়াভৰলী নদীত উদ্ধাৰ মৃতদেহ।
উল্লেখ্য যে যোৱা ১৭ অক্টোবৰত অৰুণাচল প্ৰদেশৰ টিপ্পিৰ কামেং নদীত পৰি সন্ধানহীন হৈছিল পিতা-পুত্ৰ ৷ সন্ধানহীন পিতা-পুত্ৰ বাপি ঘোষ আৰু পুত্ৰ ঋত্বিক ঘোষ বুলি জানিব পৰা গৈছিল।
ইফালে সন্ধানহীন বাপি ঘোষৰ মৃতদেহ দুদিন পূৰ্বে জামুগুৰিহাটৰ চিকমত উদ্ধাৰ হৈছিল যদিও পুত্ৰ ঋত্বিক ঘোষৰ কোনো সুংসূত্ৰ লাভ কৰা নাছিল।
অৱশেষত আজি কলাবাৰী চাপৰিৰ জীয়াভৰলী নদীত উদ্ধাৰ হয় পুত্ৰ ঋত্বিক ঘোষৰ মৃতদেহ।
লগতে পঢ়ক :Wild elephanat death : গোৱালপাৰাত বন্যহস্তীৰ কৰুণ মৃত্যু