Local, Vocal, Global

Teen drowns in Simen Riverin in Silapathar : চিলাপথাৰৰ চিমেন নৈত ডুবি মৃত্যু কিশোৰৰ

নিউজ ডেস্ক,২০অক্টোবৰ : চিলাপথাৰত অঘটন । চিলাপথাৰৰ চিমেন নৈত ডুবি মৃত্যু কিশোৰৰ।

জানিব পৰা মতে নৈ খনেৰে গৰু পাৰ কৰি থকাৰ সময়তে সংঘটিত হয় অঘটন।নিহত কিশোৰটিৰ নাম ৰাহুল আচৰ্য(Teen drowns in Simen Riverin in Silapathar)।

স্থানীয় লোকে জনোৱা অনুসৰি দেওবাৰে পুৱা ৰাহুলে স্থানীয় লোক এজনৰ গৰু চিমেন নৈৰে পাৰ কৰাৰ সময়তে নৈৰ সুঁতে উটুৱাই নিয়ে। পুৱা এই শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ পাছত আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে এছ ডি আৰ এফ বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতটো উদ্ধাৰ কৰে।

১৫ বছৰীয়া ৰাহুলৰ এইদৰে মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

আৰক্ষীয়ে ৰাহুলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ সমান্তৰালকৈ তদন্তও অব্যাহত ৰাখিছে।

লগতে পঢ়ক : Food poisoning in Jonai : খাদ্যত বিষক্রিয়া !কাতি বিহুৰ প্ৰসাদ খাই অসুস্থ ১২ জন