Local, Vocal, Global

Food poisoning in Jonai : খাদ্যত বিষক্রিয়া !কাতি বিহুৰ প্ৰসাদ খাই অসুস্থ ১২ জন

নিউজ ডেস্ক,২০অক্টোবৰ : কাতি বিহুৰ প্ৰসাদ খাই অসুস্থ ১২ জন।

চিমেন চাপৰি মাজগাঁও কছাৰীত গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। কছাৰীত গাঁৱত কাতি বিহুৰ প্ৰসাদ খাই অসুস্থ হয় কেইবাজনো লোক ৷

জানিব পৰা মতে, কছাৰী গাঁৱৰ ৰাইজে শুকুৰবাৰে বাথৌ মন্দিৰত কাতি বিহুৰ আয়োজন কৰিছিল ৷ পূজাৰ বুটমাহৰ প্ৰসাদ খোৱাৰ পাছতেই শনিবাৰে পুৱাৰে পৰা কেইবাজনো লোকৰ বমি, পেটচলা, পেটবিষ আদি ৰোগত অসুস্থ হৈ পৰে(Food poisoning in Jonai)।

অসুস্থ হৈ পৰা প্ৰায় ১২ জন লোকক চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।অসুস্থ ১২ জনৰ ভিতৰত ৯ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে ৷ তেওঁলোক ক্ৰমে- ফুলেশ্বৰী বসুমতাৰী, অমৃতা স্বৰ্গীয়াৰী, বৰ্ণালী বসুমতাৰী, মিনিচিৰাং বসুমতাৰী, ডিম্পল স্বৰ্গীয়াৰী, ,গীতামণি বসুমতাৰী, ফাউদুল স্বৰ্গীয়াৰী, মণিৰাম বসুমতাৰী, অনামিকা স্বৰ্গীয়াৰী l

ইয়াৰ পূৰ্বেও চিমেন চাপৰি অঞ্চলত এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰিছে স্থানীয় লোকে৷

লগতে পঢ়ক :Bye-elections in Samaguri constituency : ৰাজ্যত উপ-নিৰ্বাচনৰ গৰম বতাহ;উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি নগাঁৱত প্ৰশাসনৰ নিষেধাজ্ঞা জাৰি