Jamugurihat farmers are busy in paddy cultivation :জামুগুৰিহাটত সোণগুটি চপোৱাত ব্যস্ত কৃষক ৰাইজ

জামুগুৰিহাট,২০অক্টোবৰ : জামুগুৰিহাটৰ জীয়াভৰলীৰ পাৰত সোণগুটি চপোৱাৰ কামত ব্যস্ত কৃষক ৰাইজ৷ জীয়াভৰলী নদীৰ পাৰৰ ৪০ বিঘাৰো অধিক পৰিত্যক্ত কৃষিভূমিত এইবাৰ নিৱনুৱা যুৱকসকল সুসংগঠিত হৈ ভৰলীপৰীয়া কন্যকা কৃষিপাম খনৰ আদৰ্শৰে অনুপ্ৰানিত হৈ জীয়াভৰলী কৃষি পাম গঠন কৰিছিল( Jamugurihat farmers are busy in paddy cultivation)৷
এই পাম খনৰেই কৃষি সৈনিক সকলে প্ৰথমবাৰৰ বাবে কৰা শালি ধানৰ খেতি আজিৰ পৰা চপোৱাৰ কাম শুভাৰম্ভ কৰিছে। সম্প্ৰতি জীয়াভৰলী কৃষি পাম খনত এই সোঁণ গুটি চপোৱাত ব্যস্ত হৈ গাঁওখনৰ যুৱক যুৱতী আৰু মহিলা সকল আনন্দত আত্মহাৰা হৈ পৰা দেখা গৈছে ৷
লগতে পঢ়ক :Tiger Roams Freely in Titabor: তিতাবৰত বাঘৰ মুক্ত বিচৰণ;আতংকিত ৰাইজ