Local, Vocal, Global

Tezpur News : পুৰণা গাড়ীক ৰং কৰি নতুনকৈ বিক্ৰী কৰে মহিন্দ্ৰাই

নিউজ ডেস্ক,১৯অক্টোবৰ : পুৰণা গাড়ীক ৰং কৰি নতুনকৈ বিক্ৰী কৰে মহিন্দ্ৰাই । বাহিৰে ৰংচং ভিতৰে কোৱা-ভাতুৰী। ঠগৰো ঠগ মহাঠগ মহিন্দ্ৰা ডিলাৰ।

আপোনাৰ নতুন গাড়ী ক্ৰয় কৰাৰ চিন্তা চলি আছে নেকি। তেন্তে ৰব, তেজপুৰৰ মিচন চাৰিআলিস্থিত মহাভৈৰৱ অট এল,এল,পি মহিন্দ্ৰা গাড়ীৰ ডিলাৰখন দেখিছে নে?

ডিলাৰখনৰ ভণ্ডামীৰ কাৰণে এতিয়া বিপদত পৰিছে যুৱক আব্দুল কাচেম।

পুৰণা গাড়ীকেই ৰং-তেল ঘঁহি । নতুনকৈ বিক্ৰী কৰাৰ অভিযোগ ।

নদুৱা সমষ্টিৰ পাচমাইল বিৰিয়া গাওঁৰ আব্দুল কাচেমে ২৩ আগষ্টত তেজপুৰৰ মিচন চাৰিআলিস্থিত মহাভৈৰৱ মহিন্দ্ৰা ডিলাৰৰ পৰা পাচঁ লাখ টকাৰ এখন অট টেম্প (Bs-6) গাড়ী ক্ৰয় কৰিছিল। গাড়ীখন ক্ৰয় কৰি অনাৰ ১৫ দিনৰ পাচতেই অচল হৈ পৰে(Tezpur News)।

অৱশেষত উপায়ন্তৰ হৈ টেক্টৰ লগাই টানি নি ডিলাৰক চমজাই দিয়ে ৷ প্ৰায় ডেৰ মাহৰ অন্তত ডিলাৰৰ কৰ্তৃপক্ষই গাড়ীখনৰ ইঞ্জিনৰ মেৰামতি কৰি গৰাকীক খৱৰ দিয়ে। ডিলাৰ খবৰ পাই আনন্দ মনেৰে গাড়ীখন লবলৈ ডিলাৰত উপস্থিত হৈ আব্দুল কাচেমে। পিছে আব্দুলৰ আনন্দ ১মিনিটত নোহোৱা কৰি দিয়ে ডিলাৰৰ কৰ্তৃপক্ষই।গাড়ীখনৰ ইঞ্জিন মেৰামতিৰ নামত হোৱা খৰছ ২৬ হেজাৰ টকা আব্দুল কাচেমৰ পৰা বিচাৰে ৷ আব্দুল কাচেম হতবাক,এইয়া কেনেকোৱা ধৰণৰ কথা নতুন গাড়ী মাত্ৰ ১৫ দিন চলাইছো তাতেই বেয়া হৈছে। মেৰামতিৰ খৰচ আকৌ কিয় দিব লাগে । অৱশেষত উপায়ন্তৰ হৈ আব্দুল কাচেম কলে গাড়ীখনৰ ইঞ্চুৰেঞ্চ আছে, ইঞ্চুৰেঞ্চ ক্লেইম কৰক।

কিন্তু না,ডিলাৰ কৰ্তৃপক্ষই কোনো কাৰণতে মান্তি নহয়। দুখীয়া আব্দুল কাচেমে ঋণ লৈ কোনোমতে গাড়ীখন কিনিছিল কিন্তু ঠগ প্ৰৱঞ্চকৰ পাল্লাত পৰি এতিয়া সৰ্বহাৰা হৈছে আব্গুল কাচেম।

উপান্তৰ সংবাদ মাধ্যমৰ কাষ চাপিব লগা হৈছে। আমাৰ বাতৰিৰ পাছত তেজপুৰৰ মিচন চাৰিআলিস্থিত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষনীয় হব। যদি সঁচাকৈয়ে ডিলাৰ কৰ্তৃপক্ষই এনেকাৱো কৰিছে,তেতিয়া হলে সোনকালে ডিলাৰখন বন্ধ কৰাৰ দাবী ভুক্তভোগীৰ।

লগতে পঢ়ক : Assam Police seize heroin worth Rs 5.5 crore in Guwahati : মহানগৰীত এছটিএফ ৰ অভিযান;অভিযানত ৫.৫ কোটি টকাৰ হেৰ’ইনসহ আটক দুই সৰবৰাহকাৰী