Local, Vocal, Global

CJI Chandrachud proposes Justice Sanjiv Khanna as successor : ১০ নৱেম্বৰত সমাপ্ত হ’ব ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ কাৰ্যকাল

নিউজ ডেস্ক,১৭অক্টোবৰ : ১০ নৱেম্বৰত সমাপ্ত হ’ব ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ কাৰ্যকাল। ইয়াৰ লগে লগে পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ নামত জ্যেষ্ঠ ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নাম যথেষ্ট চৰ্চাত আছে । ইতিমধ্যে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়েও তেওঁৰ পৰৱৰ্তী উত্তৰাধিকাৰী হিচাপে সঞ্জীৱ খান্নাৰ নাম প্ৰস্তাৱ দিছে । কেন্দ্ৰীয় চৰকাৰলৈ এক প্ৰস্তাৱত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে কয় যে যিহেতু তেওঁ ১০ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব সেয়ে ন্যায়াধীশ খান্না হ’ব তেওঁৰ উত্তৰাধিকাৰী(CJI Chandrachud proposes Justice Sanjiv Khanna as successor)।

চৰকাৰৰ অনুমোদনৰ পাছতে ন্যায়াধীশ সঞ্জীৱ খান্না ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হ’ব । সঞ্জীৱ খান্নাই ২০২৫ চনৰ ১৩ মে’ত অৱসৰ গ্ৰহণ কৰিব । অৰ্থাৎ তেওঁ ৬ মাহৰ কাৰ্যকাল পালন কৰিবলৈ সাজু হৈছে ।

উল্লেখ্য যে, ন্যায়াধীশ চন্দ্ৰচূড়ে ২০২২ চনৰ ৯ নৱেম্বৰত মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল । ১৯৫৯ চনৰ ১১ নৱেম্বৰত জন্মগ্ৰহণ কৰা ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড় এগৰাকী ভাৰতীয় আইনবিদ, যি ২০২২ চনৰ নৱেম্বৰৰ পৰা সেৱা আগবঢ়োৱা ভাৰতৰ ৫০ সংখ্যক আৰু বৰ্তমানৰ মুখ্য ন্যায়াধীশ । উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে ৬৫ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে ।

তেওঁক ২০১৬ চনৰ মে’ মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল আৰু ইয়াৰ পূৰ্বে ২০১৩ চনৰ পৰা ২০১৬ চনলৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ২০০০ চনৰ পৰা ২০১৩ চনলৈ বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । চিজেআই চন্দ্ৰচূড় দিল্লী বিশ্ববিদ্যালয় আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰিছিল আৰু চুলিভান এণ্ড ক্ৰমৱেল আৰু বোম্বাই উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে কাম কৰিছিল।

লগতে পঢ়ক :Sensational incident : নামনিমুৱা মালবাহী ৰে’লৰ চেপাত নিহত যুৱক