Local, Vocal, Global

Kati bihu: ‘তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে’আজি অসমীয়াৰ বাপতি-সাহোন কাতি বিহু

অভয়াপুৰী, ১৭অক্টোবৰ : আজি কাতি বিহু ৷ কাতি বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম ৷ আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয় (Kati bihu celebrated in Assam) ৷ এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদযাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়।

পূৰ্বৰে পৰা চলি অহা লোকাচাৰ অনুসৰি কাতি বিহুৰ দিনা পুৱাই সকলোৱে ঘৰ-বাৰী পৰিস্কাৰ কৰে আৰু গৃহিনীয়ে ঘৰৰ সন্মুখত তুলসী ভেটি তৈয়াৰ কৰি চাকি জ্বলাই নাম প্ৰসংগ কৰে ৷

প্ৰতিবাৰৰ দৰে এইবাৰো ৰাজ্যবাসীয়ে উদযাপন কৰিছে কাতি বিহু ৷ কঙালী বিহুত উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য বেছিকৈ নাথাকে যদিও বিহু বুলি পিঠা-পনা বনাই, জলপানেৰে ঘৰলৈ অহা অতিথিক আপ্যায়ন কৰে ।

অভাৱ অনাটনৰ মাজত জুৰুলা হৈ পৰা কৃষি জীৱি অসমীয়া সমাজৰ বাবে কাতি বিহু মানেই আনন্দৰ দিন।পথাৰৰ সেউজসেৰীয়া ধাননি ডৰাক ৰক্ষা কৰি বছৰ জোৰা শ্ৰমৰ সাৰ্থকতা বিচাৰি কাতি বিহুৰ দিনা সমগ্ৰ অসমীয়া ৰাইজে লক্ষ্মী দেৱীক প্ৰাৰ্থনা জনায়।

সমগ্ৰ ৰাজ্যৰ এই আনন্দ উৎসৱৰ সৈতে নিজকে বিলাই দিবলৈ সাজু হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ কৃষকো। জিলাখনৰ অভয়াপুৰী দেওহাটী গাঁৱবাসীৰ মাজতো কাতি বিহুকলৈ সৃষ্টি হৈছে উলাহৰ বন্যা। ধাননি ডৰাৰ শ্ৰীবৃদ্ধি কামনা কৰি পথাৰত চাকি জ্বলাবলৈ গাঁওবাসীয়ে বিচাৰি আনিছে ঔ টেঙা।

নামনি অসমৰ ৰাইজৰ মাজত বিশ্বাস আছে যে, কাতি বিহুৰ দিনা বাঁহৰ শলাত ঔ টেঙাৰ বাকলি লগাই তাত শলিতাৰে চাকি জ্বলালে আই লখিমী সন্তুষ্ট হয়। সেয়ে বাৰীৰ বাহনিৰ পৰা বাহ কাটি প্ৰস্তুত কৰি তুলিছে শলা। এতিয়া গাঁওবাসীৰ অপেক্ষা মাথোন সন্ধিয়ালৈ।

লগতে পঢ়ক :Two warden suspended from Morigaon district jail : মৰিগাঁও জিলা কাৰাগাৰৰ দুজন ৱাৰ্ডেনক নিলম্বন