Local, Vocal, Global

Raid at Excise Superintendent Partha Hazarika’s Home : ঘোচখোৰ পাৰ্থ হাজৰিকাৰ ফ্লেটৰ পৰা উদ্ধাৰ নগদ ৪৭,৩০,৫০০ টকা

নিউজ ডেস্ক,১৭অক্টোবৰ : ঘোচখোৰ পাৰ্থ হাজৰিকাৰ ফ্লেটৰ পৰা উদ্ধাৰ নগদ ৪৭,৩০,৫০০ টকা ।জনতা ভৱনৰ কৰ্মচাৰী হাজৰিকৰ ঘৰত লাখে-লাখে টকা উদ্ধাৰ হোৱাক লৈ এতিয়া সৃষ্টি হৈছে সৰ্বত্ৰে চাঞ্চল্যৰ(Raid at Excise Superintendent Partha Hazarika’s Home)।

উল্লেখ্য যে, বুধবাৰে জনতা ভৱনত তদাৰকী আৰু দুৰ্নীতি নিবাৰকৰ অভিযান চলাইছিল ৷ জনতা ভৱনৰ ডি ব্লকত চলিছিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। অভিযানত হাতে-লোটে গ্ৰেপ্তাৰ হৈছিল আবকাৰী বিষয়া পাৰ্থ হাজৰিকা ৷ আবকাৰী বিভাগৰ অৱসৰ সচিব পাৰ্থ হাজৰিকা৷ দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে কৰায়ত্ত কৰে বিষয়াজনক(Rs 47,30,500 Seized In Raids At Excise Official Partha Hazarika’s Guwahati Home)।বাৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত ২৫ হাজাৰ টকা উৎকোচ লৈছিল ঘোচখোৰ পাৰ্থ হাজৰিকাই।

জনতা ভৱনত ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা পাৰ্থ হাজৰিকাক লগত লৈ অভিযানকাৰী দলটোৱে এক অভিযান চলাই আৰু অভিযানত পাৰ্থ হাজৰিকাৰ ফ্লেটৰ পৰা নগদ ৪৭,৩০,৫০০ টকা জব্দ কৰে।

লগতে পঢ়ক :Tragic incident in Sonitpur : অঘটন! মঞ্চত নাচি থকা অৱস্থাত মৃত্যু ছাত্ৰীৰ