Local, Vocal, Global

Nikita Porwal Crowned Femina Miss India 2024 in Dazzling Finale :’ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২৪’ ৰ বিজয়ী ঘোষণা; ‘নিকিতা পৰৱালৰ শিৰত ফেমিনা মিছ ইণ্ডিয়া 2024 ৰ মুকুট

নিউজ ডেস্ক,১৭অক্টোবৰ : ‘ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২৪’ ৰ বিজয়ী ঘোষণা। নিকিতা পৰৱালে দখল কৰিলে ফেমিনা মিছ ইণ্ডিয়া 2024 ৰ বিজয়ী খিতাপ। বুধবাৰে নিশা মুম্বাইত নিকিতাৰ শিৰত ফেমিনা মিছ ইণ্ডিয়া ২০২৪ ৰ মুকুট সজোৱা হয় । বুধবাৰে ঘোষিত এই প্ৰতিযোগিতাত প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰে কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰা ৰেখা পাণ্ডে আৰু দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰে গুজৰাটৰ আয়ুষী ধোলাকিয়াই(Nikita Porwal Crowned Femina Miss India 2024 in Dazzling Finale)।

উল্লেখ্য যে, ১৬ অক্টোবৰত মুম্বাইৰ ফেমাছ ষ্টুডিঅ’ত অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখনৰ গ্ৰেণ্ড ফিনালে।প্ৰাক্তন মিছ ইণ্ডিয়া সংগীতা বিজলানীয়ে গ্লেমাৰাছ অৱতাৰেৰে উজ্জ্বল প্ৰদৰ্শন কৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। এই উপলক্ষে বলীউডৰ অভিনেত্ৰী নেহা ধুপিয়া, নৃত্যশিল্পী ৰাঘৱ জুয়েলকে ধৰি বহু চেলেব্ৰিটী উপস্থিত থাকে । অনুষা দাণ্ডেকাৰে প্ৰতিযোগিতাখনত জুৰী পেনেলত সেৱা আগবঢ়ায়(Nikita Porwal crowned Femina Miss India World 2024)।

মধ্য প্ৰদেশৰ নিকিতা পৰৱালক বুধবাৰে নিশা মুম্বাইত ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড 2024 ৰ মুকুট পিন্ধোৱা হয়।

লগতে পঢ়ক : Road Accident in Sipajhar: নিয়ন্ত্ৰণ হেৰুৱাই ৰৈ ট্ৰাকত প্ৰচণ্ড খুন্দা মটৰ চাইকেলৰ;নিহত এজন,আহত এজন