Local, Vocal, Global

3% DA Hike Announced For Central Government Employees : দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ

নিউজ ডেস্ক,১৬অক্টোবৰ : দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ।

বৃদ্ধি পালে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ।

বুধবাৰে দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে মৰগীয়া বানচ (DA) ৩ শতাংশ বৃদ্ধিৰ অনুমোদন জনাই।

এই নতুন নিৰিখ কাৰ্যকৰী হ’ব এইবৰ্ষৰ ১ জুলাইৰ পৰা। অৰ্থাৎ জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰৰ বকেয়া ধনো একেলগে লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে(3% DA Hike Announced For Central Government Employees)।

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এই DA বৃদ্ধি তেওঁলোকৰ মৌলিক দৰমহাৰ ৫০ শতাংশৰ পৰা ৫৩ শতাংশলৈ বৃদ্ধি পাইছে।

বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে ৫০ শতাংশ ডিএ লাভ কৰে। ৩ শতাংশ বৃদ্ধিৰ পিছত ৫৩ শতাংশ হ’বগৈ ডিএ(Union Cabinet Approves 3% DA Hike, Official Announcement Soon)।

লগতে পঢ়ক : Assam Assembly bypolls:ৰাজ্যত উপ-নিৰ্বাচনৰ বতাহ;সাজু শাসক বিৰোধী