Local, Vocal, Global

Assam Assembly bypolls:ৰাজ্যত উপ-নিৰ্বাচনৰ বতাহ;সাজু শাসক বিৰোধী

নিউজ ডেস্ক,১৬অক্টোবৰ : ১৩ নৱেম্বৰত অসমৰ ৫ সমষ্টিত উপ-নিৰ্বাচন ! ২৩ নৱেম্বৰত হ’ব ভোটগণনা

ৰাজ্যত উপ-নিৰ্বাচনৰ বতাহ বলিছে। শাসক বিৰোধী সাজু হৈছে নিৰ্বাচনী যুজত। কোনে শেষ হাঁহি মাৰিব। চামগুৰিত দেখা গল নিৰ্বাচনী ৰণক্ষেত্ৰ । বেনাৰ পোষ্টাৰ ফালি-বাহন ভাঙি দুই দলৰ সমৰ্থকে ৰাজপথক সজালে ৰণক্ষেত্ৰ(Assam Assembly bypolls)।

কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত ভয়ংকৰ সংঘাত। উত্তেজিত বিজেপি কৰ্মীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত কংগ্ৰেছ কৰ্মীৰ বাহন । বিধায়ক শিৱামনি,নৰুল হুদাৰ বাহনতো আক্ৰমন উত্তেজিত বিজেপি সমৰ্থকৰ। অসমৰ ৫টা বিধান সভা সমষ্টিত উপ-নিৰ্বাচনত ৰাজ্যৰ প্ৰধান বিৰোধী কংগ্ৰেছ দলে প্ৰায় চূড়ান্ত কৰিছে প্ৰাৰ্থীৰ নাম।

কংগ্ৰেছে চাৰিটা সমষ্টিত চূড়ান্ত কৰিছে প্ৰাৰ্থীৰ নাম। বৰাক উপত্যকাৰ ঢলাইৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ চামগুৰি, বিহালী, ছিদলী আৰু বঙাইগাঁও বিধান সভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন।‌ এই উপ নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে সাজু কৰি প্ৰাৰ্থী তালিকা। চাৰিটা সমষ্টিত প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰাৰ উপৰি এটা সমষ্টিত তিনি জনীয়া প্ৰাৰ্থীৰ নামেৰে কংগ্ৰেছে সাজু কৰিছে পেনেল। ঢলাই সমষ্টিত টিকট প্ৰায় নিশ্চিত হৈছে ধ্ৰুৱজ্যোতি পুৰকায়স্থৰ ।

ঠিক একেদৰে চামগুৰি সমষ্টিত প্ৰাৰ্থীত্ব খাটাং হৈছে সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ নাম

ছিদলী সমষ্টিত চূড়ান্ত হৈছে আছুৰ প্ৰাক্তন সভাপতি প্ৰবীণ বড়োৰ প্ৰাৰ্থিত্ব।

ইফালে বঙাইগাঁও বিধান সভা সমষ্টিত ব্ৰজেনজিৎ সিনহাৰ নাম চূড়ান্ত কৰিছে কংগ্ৰেছে ।

বিহালী সমষ্টিৰ ক্ষেত্ৰত পেনেলত নাম আছে প্ৰেমলাল গুঞ্জু, বৰ্ণালী ফুকন আৰু দিলীপ বৰুৱাৰ।

বিহালী সমষ্টিত সাংসদ গৌৰৱ গগৈয়ে ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ।

উল্লেখযোগ্য যে বঙাইগাঁও সমষ্টিটো অসম সম্মিলিত মৰ্চাৰ অংশীদাৰী দল ৰাইজৰ দলে বিচাৰিছে। এই ক্ষেত্ৰত কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে কৰিব আলোচনা।

লগতে পঢ়ক : Assam Youth Goes Missing in Delhi : দিল্লীৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত নিৰুদ্দেশ কামপুৰৰ চায়েদ আলী