Local, Vocal, Global

Theft in Jamugurihat : ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে ৬ লক্ষাধিক টকাৰ গহণা আৰু নগদ ২০ হাজাৰ টকা

জামুগুৰিহাট,১৬অক্টোবৰ : লক্ষ্মী পূজাৰ দিনটোতেই জামুগুৰিহাটৰ মাধৱ গাঁৱত চুৰিকাণ্ডৰ ঘটনা ৷ জামুগুৰিহাটৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ মাধৱ গাঁৱৰ উৰণ সেঁতুৰ সমীপৰ অৱসৰী শিক্ষক প্ৰদীপ ভূঞাৰ বাসগৃহত চোৰৰ লুটপাট

মঙলবাৰে নিশা অৱসৰী শিক্ষক প্ৰদীপ ভূঞাৰ বাসগৃহত প্ৰায় ৬ লক্ষাধিক টকাৰ গহণা আৰু নগদ ২০ হাজাৰ টকা লৈ উধাও হয় দুৰ্বৃত্তৰ দল(Theft in Jamugurihat)৷

জানিব পৰা মতে, মঙলবাৰে চিকিৎসাজনিত কাৰণত গুৱাহাটীলৈ গৈছিল প্ৰদীপ ভূঞাৰ পৰিয়াল আৰু বুধবাৰে পুৱতি নিশা ঘৰলৈ উভতি অহাৰ পিছতহে সমগ্ৰ ঘটনাৰ বিষয়ে জ্ঞাত হয়৷ দুৰ্বৃত্তৰ দলটোৱে বাসগৃহৰ পিছফালৰ দৰ্জাৰ তলা ভাঙি ভিতৰত সোমাই দুটাকৈ গডৰেজৰ লকাৰ ভাঙে, সকলো আচবাব লণ্ডভণ্ড কৰি লুটি নিয়ে সোণৰ আ-অলংকাৰ সহ নগদ ধন৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷

উল্লেখ্য যে বিগত কেইবামাহো ধৰি সঘনাই জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত চিলনী চোৰে মহিলা যুৱতীৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই নিয়াৰ লগতে ধৰ্মীয় অনুষ্ঠান নামঘৰ,মন্দিৰ,ব্যক্তিগত বাসগৃহ আদিত চুৰিকাণ্ড সংঘটিত কৰি আহিছে চোৰৰ দলে৷

জামুগুৰি আৰক্ষীক অংগুষ্ঠ প্ৰদৰ্শন কৰি সঘনাই সংঘটিত হৈ অহা এই চুৰিকাণ্ডসমূহৰ লগত জড়িত এনে দুৰ্বৃত্তক আজিকোপতি কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী৷ এইক্ষেত্ৰত আৰক্ষী প্ৰশাসনক সক্ৰিয় হ’বলৈও আহ্বান জনাইছে অঞ্চলটোৰ সচেতন ৰাইজে৷

লগতে পঢ়ক :Woman Killed in Train Mishap : বাসুগাঁও ৰেল ষ্টেচনত দ্ৰুতবেগী নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ ৰেলৰ খুন্দাত নিহত পথচাৰী মহিলাৰ