Local, Vocal, Global

Woman Killed in Train Mishap : বাসুগাঁও ৰেল ষ্টেচনত দ্ৰুতবেগী নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ ৰেলৰ খুন্দাত নিহত পথচাৰী মহিলাৰ

নিউজ ডেস্ক,১৬অক্টোবৰ : বাসুগাঁও ৰেল ষ্টেচনৰ সমীপত শোকাৱহ দুৰ্ঘটনা।বুধবাৰে বাসুগাঁও ৰেল ষ্টেচনত দ্ৰুতবেগী নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ ৰেলৰ খুন্দাত নিহত এগৰাকী পথচাৰী মহিলা।

প্ৰত্যক্ষদৰ্শী সকলে সদৰি কৰা অনুসৰি, কানেৰে কম শুনা মহিলা গৰাকী উৰণ সেঁতুৰ তলেৰে খোজকাঢ়ি ৰেলপথ অতিক্ৰম কৰাৰ সময়তে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়(Woman Killed in Train Mishap)।

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় । ঘটনা সন্দৰ্ভত খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় ৰেল আৰক্ষীৰ লোক আৰু মহিলা গৰাকীক উদ্ধাৰ কৰে ।নিহত মহিলাগৰাকী বাসুগাঁও চহৰৰ মানু বেগম (৫৭) বুলি পৰিয়ালৰ লোকে আহি চিনাক্ত কৰে।

ৰেল আৰক্ষীয়ে নিহত মহিলা গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিউ বঙাইগাঁৱলৈ প্ৰেৰণ কৰিছে।

লগতে পঢ়ক :Excise Officer Held for Bribery in Janta Bhawan : জনতা ভৱনত তদাৰকী আৰু দুৰ্নীতি নিবাৰকৰ অভিযান;অভিযানত হাতে-লোটে গ্ৰেপ্তাৰ আবকাৰী বিষয়া