Local, Vocal, Global

Excise Officer Held for Bribery in Janta Bhawan : জনতা ভৱনত তদাৰকী আৰু দুৰ্নীতি নিবাৰকৰ অভিযান;অভিযানত হাতে-লোটে গ্ৰেপ্তাৰ আবকাৰী বিষয়া

নিউজ ডেস্ক,১৬অক্টোবৰ : জনতা ভৱনত তদাৰকী আৰু দুৰ্নীতি নিবাৰকৰ অভিযান৷ জনতা ভৱনৰ ডি ব্লকত চলিছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। অভিযানত হাতে-লোটে গ্ৰেপ্তাৰ আবকাৰী বিষয়া।পাৰ্থ হাজৰিকা নামৰ আবকাৰী বিষয়াক গ্ৰেপ্তাৰ৷ আবকাৰী বিভাগৰ অৱসৰ সচিব পাৰ্থ হাজৰিকা৷ দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে কৰায়ত্ত কৰে বিষয়াজনক(Excise Officer Held for Bribery in Janta Bhawan)।

২৫ হাজাৰ টকা উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ হয় পাৰ্থ হাজৰিকা।পাৰ্থ হাজৰিকাৰ ঘৰ নলবাৰী জিলাৰ বৰনৰ্দীত বুলি জানিব পৰা গৈছে। বাৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত ২৫ হাজাৰ টকা উৎকোচ লৈছিল ঘোচখোৰ বিষয়াই।

পূৰ্বেও ৪০ হাজাৰ টকাৰ ঘোচ লোৱাৰ অভিযোগ বিষয়াজনৰ বিৰুদ্ধে।

লগতে পঢ়ক :Three students missing in Sonari : সোণাৰিত নিৰুদ্দেশ তিনিগৰাকী ছাত্ৰী