Local, Vocal, Global

Three students missing in Sonari : সোণাৰিত নিৰুদ্দেশ তিনিগৰাকী ছাত্ৰী

সোণাৰি,১৬অক্টোবৰ : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য।

এইবাৰ সোণাৰিত নিৰুদ্দেশ তিনিগৰাকী ছাত্ৰী(Three students missing in Sonari)। সোণাৰি হিন্দী হাই স্কুলৰ দশম শ্ৰেণীত অধ্যয়নৰত তিনিগৰাকী ছাত্ৰী একেলগে নিৰুদ্দেশ হয় ।মঙলবাৰে স্কুললৈ অহাৰ পিছৰে পৰা নিৰুদ্দেশ হয় ছাত্ৰীকেইগৰাকী। পৰিয়ালৰ লোকে ছাত্ৰীকেইজনী ঘৰলৈ উভতি নোযোৱাত বিচাৰ সোচৰ কৰে যদিও কোনো সন্ধান নাপাই উপাইহী হৈ সোণাৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

বৰ্তমান ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

লগতে পঢ়ক :Encounter in Sivasagar : শিৱসাগৰৰ বকতাত আৰক্ষীৰ এনকাউণ্টাৰ;আঘাতপ্ৰাপ্ত ‘লাডেন’