Local, Vocal, Global

Encounter in Sivasagar : শিৱসাগৰৰ বকতাত আৰক্ষীৰ এনকাউণ্টাৰ;আঘাতপ্ৰাপ্ত ‘লাডেন’

নিউজ ডেস্ক,১৬অক্টোবৰ : গৰজি উঠিল আৰক্ষী । পুনৰ অপৰাধী লৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা ।

শিৱসাগৰৰ বকতাত আৰক্ষীৰ এনকাউণ্টাৰ। ৰাহুল হাজৰিকা ওৰফে লাডেনক এনকাউণ্টাৰ আৰক্ষীৰ।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰাহুল হাজৰিকা প্ৰাক্তন আলফা। ৰাহুল হাজৰিকা ওৰফে ৰিতুল ওৰফে লাডেনৰ ঘৰ মৰাণত(Encounter in Sivasagar)।

মঙলবাৰে নিশা বকতাৰ নেমুগুৰিত সংঘটিত হয় এই ঘটনাটো।

জানিব পৰা মতে, কোনো বিষয়ত সোধা-পোছাৰ বাবে মঙলবাৰে নিশা বকতা অভিমুখে আৰক্ষীয়ে লাডেনক আনি থকাৰ সময়তে আৰক্ষীৰ জালৰ পৰা পলাবলৈ চেষ্টা কৰে লাডেনে । সেই সময়তে লাডেনক লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।‌

ভৰিত গুলী লগাৰ ফলত আঘাতপ্ৰাপ্ত ৰাহুল হাজৰিকাক চিকিৎসাৰ বাবে নিশাই ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৰাহুল হাজৰিকাক।

লগতে পঢ়ক :Morigaon Murder Case, 3 Accused Nabbed:মৰিগাঁৱৰ মৈৰাবাৰীত গ্রেপ্তাৰ হত্যাৰ অভিযোগত তিনি অভিযুক্ত