Local, Vocal, Global

Omar Abdullah to take oath today : আজি জম্মু-কাশ্মীৰত নতুন চৰকাৰৰ শপত গ্ৰহণ;দিনৰ ১১.৩০ বজাত অনুষ্ঠিত হ’ব শপত গ্ৰহণ পৰ্ব

নেশ্যনেল ডেস্ক, ১৬অক্টোবৰ: আজি এক ঐতিহাসিক দিনৰ সাক্ষী হ’ব জম্মু-কাশ্মীৰৰ জনসাধাৰণ। আজি জম্মু-কাশ্মীৰত নতুন চৰকাৰৰ শপত গ্ৰহণ৷ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ওমৰ আব্দুল্লাই৷ দিনৰ ১১.৩০ বজাত অনুষ্ঠিত হ’ব শপত গ্ৰহণ পৰ্ব৷

৫ বছৰীয়া ৰাষ্ট্ৰপতি শাসনৰ অন্তত আব্দুল্লা হ’ব অঞ্চলটোৰ প্ৰথম মুখ্যমন্ত্ৰী । ডাল হ্ৰদৰ পাৰত থকা শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত আয়োজন কৰা হৈছে শপত গ্ৰহণ অনুষ্ঠান(Omar Abdullah to take oath today) ।

উল্লেখ্য যে,লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই এখন পত্ৰৰ জৰিয়তে ওমৰ আব্দুল্লা আৰু তেওঁৰ মন্ত্ৰী পৰিষদক আমন্ত্ৰণ জনাই । সিনহাই পত্ৰখনত লিখে,”জম্মু-কাশ্মীৰ চৰকাৰ গঠনৰ লগতে নেতৃত্ব দিবলৈ আপোনাক আমন্ত্ৰণ জনাই মই আনন্দিত । মই আপোনাক আৰু আপুনি পৰামৰ্শ দিয়া মন্ত্ৰী পৰিষদৰ সদস্যসকলক ১৬ অক্টোবৰৰ পুৱা ১১:৩০ বজাত এছকেআইচিচি শ্ৰীনগৰত শপতগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো ।”

জানিব পৰা মতে,শপতগ্ৰহণ অনুষ্ঠানত এনডিএৰ অংশীদাৰ তথা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ উপস্থিত থকাৰ সম্ভাৱনা আছে । মল্লিকাৰ্জুন খাৰ্গেকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ উপৰিও বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী অনুষ্ঠানটোত উপস্থিত থাকিব বুলি আশা কৰা হৈছে । অৰবিন্দ কেজৰিৱাল, শাৰদ পাৱাৰ, অখিলেশ যাদৱ, উদ্ধৱ ঠাকৰে, ডি ৰাজা আৰু লালু প্ৰসাদ যাদৱকো অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনোৱা হৈছে(Omar Abdullah to take oath as first chief minister of J&K UT today)।

লগতে পঢ়ক :Omar Abdullah to take oath as J&K CM on October 16 : ১৬ অক্টোবৰত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব এনচিৰ উপ-সভাপতি ওমৰ আব্দুল্লাই