Local, Vocal, Global

Woman Goes Missing While Taking Bath in River : বৰনদীত গা ধুবলৈ গৈ সন্ধানহীন দুগৰাকী মহিলা

ছিপাঝাৰ,১৫অক্টোবৰ : নদীত গা ধুই থকা অৱস্থাত উঠি গ’ল দুগৰাকীকৈ মহিলা।

বৰনদীত সংঘটিত হৈছে অঘটন । কামৰূপ দৰঙৰ সীমান্তত নদীত উঠি গ’ল তিনিগৰাকীকৈ মহিলা ।

জানিব পৰা মতে,বৰনদীত দুজনী যুৱতী আৰু এগৰাকী মহিলা গা ধুবলৈ গৈছিল।গা ধুই থকাৰ অৱস্থাতে নদীত উটি যায় তিনিওগৰাকী মহিলা(Woman Goes Missing While Taking Bath in River)।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে স্থানীয় লোকে উদ্ধাৰ অভিযান চলাই আৰু এগৰাকী মহিলাক উদ্ধাৰ কৰে যদিও বৰ্তমানেও সন্ধানহীন দুগৰাকী মহিলা।

সন্ধানহীন মহিলা দুগৰাকী তমজিদা বেগম,আৰজিনা বেগম বুলি জানিব পৰা গৈছে । উদ্ধাৰ হোৱা মহিলাগৰাকী কৰিমূল বেগম।

লগতে পঢ়ক :Sensational incident : ইটাভাটাৰ মালিকৰ বিৰুদ্ধে ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ মহিলা শ্ৰমিকৰ