Local, Vocal, Global

Lakshmi Puja : আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী লক্ষ্মী পূজা

নিউজ ডেস্ক, ১৬অক্টোবৰ : আজি লক্ষ্মী পূজা। ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ আৰাধানৰে মুখৰিত হ’ব ৰাজ্যৰ আকাশ-বতাহ। ধন অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ পূজা কৰিবলৈ ব্যস্ত হৈ পৰিছে মা লক্ষ্মীৰ ভক্তসকল(Lakshmi Puja 2024) ।

শাৰদীয় দুর্গা পূজাৰ পাছৰটো পূর্ণিমা তিথিত লক্ষ্মী পূজা অনুষ্ঠিত কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি দেৱী লক্ষ্মীৰ আশীৰ্বাদ প্ৰাপ্ত কৰিলে জীৱনত সুখ, শান্তি আৰু কামৰ প্ৰগতি হয়। সেয়েহে, মানুহে ধনৰ দেৱীক কেৱল আজিয়েই সন্তুষ্ট কৰাই নহয় বৰঞ্চ তেওঁক নিয়মীয়াকৈ উপাসনা কৰে। বাস্তু শাস্ত্ৰত দেৱ-দেৱীৰ মূৰ্তি স্থাপন কৰাৰ নিয়ম আৰু দিশ নিৰ্ধাৰণ কৰাৰ কথা দিয়া হৈছে। ঘৰৰ কোন দিশত দেৱী লক্ষ্মীৰ ফটো ৰাখিব লাগে যাতে তেওঁৰ অনুগ্ৰহ পৰিয়ালৰ ওপৰত থাকে সেই বিষয়ে জানক–দেৱী লক্ষ্মীৰ ফটোখন ঘৰৰ পশ্চিম কোণত ৰাখিব লাগে। যাতে তেওঁৰ মুখখন পূবৰ ফালে থাকে।

পূব দিশটোৱে ইতিবাচকতা আনে আৰু এনে কৰিলে কেতিয়াও ঘৰত বিত্তীয় সমস্যাৰ সৃষ্টি নহয় বুলি ধৰ্মীয় বিশ্বাস আছে। ইয়াৰোপৰি, দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ ঘৰত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিশেষ যত্ন লোৱা উচিত। এনে কৰিলে ঘৰলৈ দুখ দৰিদ্ৰতা নাহে(Lakshmi Puja)।

আজি দেৱী বন্দনাৰে আধ্যাত্মিক পৰিবেশ সূচনা হ’ব ৰাজ্যৰ প্ৰতিটো লক্ষ্মী মন্দিৰ।পুৰোহিতৰ মুখত ধ্বনিত হোৱা প্ৰণাম মন্ত্ৰ ‘ওম নমস্তে সৰ্বভূতানাং বৰোদাশি হৰিত্ৰেয়ে/জাগতিস্তং প্ৰপন্বায়াং সামেতুয়াৎ ত্বদৰ্চনাৎ/ওম বিশ্ব ৰূপস্য ভাৰ্যাসী পদ্মে পদ্মালয়ে শুভে/সৰ্বাতঃ পাহি মাং দেৱী/মহালক্ষ্মী মনস্তুতে।’ৰে ধন-ঐশ্বৰ্যৰ দেৱীৰ পৰা আশীষ বিচাৰিব ভক্তসকলে।

ধৰ্মীয় বিশ্বাস অনুসৰি লক্ষ্মী দেৱীৰ আশীৰ্বাদত অভাৱ-অনাটন, শোক-সন্তাপ, অপায়-অমংগল, দুখ-অশান্তি দূৰ হয় আৰু ধন-জন, ঐশ্বৰ্য-বিভূতি, সুখ-শান্তিৰে উপচি পৰে ভক্তিৰ জীৱন। বৰ্তমান লক্ষ্মীপূজাক লৈ ৰাজ্যজুৰি উছাহৰ ঢল।