Local, Vocal, Global

Daily Horoscope for 16th October : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজি আপোনাৰ আৰ্থিক অৱস্থা বহুত ভাল থাকিব । বন্ধু বৰ্গ আৰু ঘনিষ্ঠ লোক সকল আপোনাক সহায়ৰ হাত আগবঢ়াব। বহুত দেৰিলৈকে আপোনাৰ প্ৰিয়জনক ফোন নকৰি তেখেতক বিৰক্ত কৰিব পাৰে। আপুনি নিজৰ তলতীয়া কৰ্মচাৰীৰ কাম চাই অসুখী হৈ যাব। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হব।

বৃষ ৰাশি : অফিচ আৰু ঘৰৰ কামৰ চাপে আপোনক খঙাল কৰি তুলিব। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভুতি প্ৰদান কৰিব। কোনোৱে আপোনাৰ প্ৰেমৰ পৰা দূৰত ৰাখিব নোৱাৰে। আপোনাৰ কলাত্মক কাম ওচৰে পাজৰে থকা লোক সকলক আচৰিত কৰি দিব আৰু আপুনি বহুত প্ৰশংসা লাভ কৰিব।আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱন সংগীৰ লগত অতিবাহিত কৰিব।

মিথুন ৰাশি : দূৰণিবটীয়া যাত্ৰা কৰাৰ পৰা বিৰত থাকক। যিসকলে আত্মীয়ৰ পৰা পইচা ধাৰলৈ লৈছিল আজি সেই ঋণ তেখেত সকলে কিবা প্ৰকাৰে হলেও ঘুৰাবলগীয়া হব পাৰে। আপোনাৰ চাৰিওফালে হৈ থকা গতিবিধিক গুৰুত্ব সহকাৰে লওক ,কাৰণ আপোনাৰ কামৰ শ্ৰেয় আন কোনোবাই লব পাৰে। আজি আপুনি হঠাৎ কামৰ পৰা ছুটি লোৱাৰ পৰিকল্পনা কৰিব আৰু নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব পাৰিব। জীৱন সংগীৰ যিকোনো কথাত গুৰুত্ব প্ৰদান নকৰিলে বহুত বিবাদৰ সৃষ্টি হব পাৰে।

কৰ্কট ৰাশি : মানসিক শান্তিৰ বাবে দান পূণ্যৰ কামত সহযোগিতা কৰক। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। বন্ধু বৰ্গ আৰু ঘনিষ্ঠ লোক সকল আপোনাক সহায়ৰ হাত আগবঢ়াব। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হব । বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। আপোনাৰ জীৱন সংগীৰ বাবে আপুনি আজি মানসিক অশান্তিৰ সন্মুখীন হব পাৰে।

সিংহ ৰাশি : আপোনাৰ উচ্চ আত্ম-বিশ্বাসক আজি ভালকৈ ব্যৱহাৰ কৰক ।ব্যস্ততাপূৰ্ণ দিন এটা হোৱা স্বতেও আপুনি উৰ্জা আৰু সতেজতা লাভ কৰাত সক্ষম হ’ব। এই ৰাশিৰ যিসকল লোক বিদেশত ব্যবসায় কৰে ভাল পৰিমাণৰ অৰ্থ লাভ হব পাৰে। প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। আজি প্ৰেমৰ সম্পৰ্কৰ বাবে আপুনি সকলো সামাজিক বন্ধন ভাঙি দিব। চাকৰি কৰা মানুহ আজি সমস্যাৰ সন্মুখীন হব পাৰে।ব্যৱসায়ীসকলৰ বাবে আজিৰ দিন সাধাৰণ থাকিব। জীৱন সংগীৰ লগত বাদ-বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে।

কন্যা ৰাশি : অন্যৰ সফলতাক প্ৰশংসা কৰি আপুনি মানসিক তৃপ্তি লাভ কৰিব পাৰে। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেচত আপুনি জয় লাভ কৰিব পাৰে যাৰ ফলত লক্ষ্মীৰ আগমণ হব পাৰে। বন্ধুত্ব বহুত গভীৰ হোৱা বাবে প্ৰেমৰ পোহাৰ মেলিব পাৰে। নতুন পৰিযোজনা সমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়ে ভাল দিন। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোব ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে। আজি আপুনি নিজৰ বৈবাহিক জীৱন অধিক সুখী কৰাৰ সকলো ধৰণৰ সুযোগ লাভ কৰিব।

তুলা ৰাশি : নিজৰ ব্যক্তিত্বক বিকশিত কৰিবৰ বাবে গভীৰ ভাৱে চেষ্টা কৰক। নিৱেশ কৰাটো বহুত বাৰ লাভদায়ক বুলি প্ৰমাণিত হয় আজি আপুনি এই কথাটো বুজি পাব কাৰণ বহুত পুৰণি নিৱেশৰ পৰা আজি আপোনাৰ লাভ হব পাৰে। আপুনি কাৰোবাৰ লগত কৰোবাত ঘুৰিব-ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন উৰ্জাৰ সঞ্চাৰ কৰিব পাৰে। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে।এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হব।

বৃশ্চিক ৰাশি : অফিচ আৰু ঘৰৰ কামৰ চাপে আপোনক খঙাল কৰি তুলিব। যিসকল লোকে ঋণ লৈ থৈছিল আগতে সিহতক আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। শিশু সমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। প্ৰেমৰ পিনেদি এই দিন বহুত বিশেষ হব। ব্যস্ত দিনযোৰাৰ পিছত যদি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিছে তেন্তে এই সময়ৰ সদব্যৱহাৰ কৰা শিকক। আপোনাৰ নিজৰ জীৱনসংগীৰ লগত এক হতাশাপূৰ্ণ সম্পৰ্ক থাকিব পাৰে।

ধনু ৰাশি : আপোনাৰ খোৱাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সুস্থ থাকিবৰ বাবে নিয়মিত ব্যায়াম কৰক। কোনোবা পূৰণি বন্ধুয়ে আজি আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে যদি আপুনি তেখেতক আৰ্থিক ভাৱে সহায় কৰে তেন্তে আপোনাৰ আৰ্থিক অবস্থাও অলপ দূৰ্বল হব পাৰে। নাতি-পুতিৰ বাবে আজি আপুনি বহুত সুখ প্ৰাপ্ত কৰিব । অধিক যাত্ৰাই আপোনাৰ ৰোমাণ্টিক সম্বন্ধক অধিক বঢ়াই তুলিব।আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে।

মকৰ ৰাশি : আজি আপুনি সাধাৰণতে হোৱাতকৈ অলপ কম উৰ্জা অনুভৱ কৰিব,নিজক প্ৰয়োজনতকৈ অধিক কামৰ বোজা নিদিব ,অলপ বিশ্ৰাম কৰক আৰু কামখিনি অন্য এদিন লৈ কৰক। আজি আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হব পাৰে কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যাও সমাধান কৰিব সক্ষম হব। আপোনাৰ সন্মুখত পচন্দ কৰিবলৈ বহুত বস্তু থাকিব আৰু আপোনাৰ সমস্যা এইটোয়ে হব যে কোনটো আগত লোৱা যায়।

কুম্ভ ৰাশি : আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব কিন্তু কামৰ বোজাৰ বাবে আপুনি অশান্তি অনুভৱ কৰিব। আপোনাৰ অস্থাৱৰ সম্পত্তি কোনোবাই আজি চুৰি কৰিব পাৰে। আত্মীয় লগত আপোনাৰ সম্বন্ধৰ আকৌ সতেজতা কৰাৰ আজি ভাল দিন আহিব। ভুল সংবাদ অথবা ভুল বুজাবুজিয়ে আপোনাৰ দিন বেয়া কৰিব পাৰে। অফিচত আপোনাৰ যাৰ লগত সকলোতকৈ কম কথা হয় ,তাৰ লগত আজি কথা হব পাৰে। আপোনাৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

মীন ৰাশি : স্বাস্থ্য ভালে থাকিব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়া আপোনাৰ প্ৰাথমিকতা হব লাগে। আপোনাৰ প্ৰিয়জনৰ মন বেয়া হোৱা স্বত্বেও তেখেতক নিজৰ প্ৰেমৰ অনুধাৱন কৰাই থাকক।