160th Birth anniversary of Laxminath Bezbarua observed : আজি সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৬০ সংখ্যক জয়ন্তী
নিউজ ডেস্ক,১৪অক্টোবৰ : আজি সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৬০ সংখ্যক জয়ন্তী। প্ৰতিবছৰে ১৪অক্টোবৰৰ দিনটোত পালন কৰা হয় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা জয়ন্তী ।
সাহিত্য জগতত লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান অতুলনীয়। লক্ষ্মীনাথ বেজবৰুৱাই (Lakshminath Bezbaruah) অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ ৰচনা কৰিছিল।
তেওঁৰ সৃষ্টিৰাজিৰে আজিও অসমীয়া সমাজক চহকী কৰি ৰাখিছে। তেখেতক প্ৰথম অসমীয়া চুটি গল্প লিখা সাহিত্যিক হিচাপেও জনাজাত। ১৯০৯ চনত তেওঁ ‘বাঁহী’ আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰিছিল। তেওঁৰ দ্বাৰা প্ৰকাশিত সাধুকথাৰ তিনিখন পুথি ‘বুঢ়ী আইৰ সাধু’, ‘ককাদেউতা আৰু নাতি ল’ৰা’ আৰু ‘জুনুকা’ আজিও অসমবাসীৰ মাজত জনপ্ৰিয় আৰু বহুলভাৱে প্ৰচলিত। লক্ষ্মীনাথ বেজবৰুৱা এগৰাকী সাহিত্যিক, কবি, গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক আদি বহু ৰূপৰ গৰাকী(160th Birth anniversary of Laxminath Bezbarua observed)।