Dead body found in Kaliabor : কলিয়াবৰৰ ধাননী পথাৰৰ মাজত উদ্ধাৰ যুৱকৰ মৃতদেহ
কলিয়াবৰ,১২অক্টোবৰ : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।
ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body found in Kaliabor)।
ৰাজ্যত দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে উদ্ধাৰ মৃতদেহ । কলিয়াবৰত ধাননী পথাৰৰ মাজত উদ্ধাৰ যুৱকৰ মৃতদেহ । জখলাবন্ধাৰ গৰুবন্ধাৰ সমিপৰ বৰহোলা পথাৰত উদ্ধাৰ হয় মৃতদেহটো।
জানিব পৰা মতে,স্থানীয় ৰাইজে ধাননী পথাৰত মৃতদেহটো প্ৰত্যক্ষ কৰি জখলাবন্ধা আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে ।
উদ্ধাৰ হোৱা মৃতদেহটো মুন্না পান্দে বুলি জানিব পৰা গৈছে। যুৱক জনৰ মৃত্যুৰ কাৰণ বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই।
আৰক্ষীয়ে ইতিমধ্যে যুৱক জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।
লগতে পঢ়ক :Youth injured after being hit by a train : চাপৰত অঘটন; ৰেলৰ খুন্দাত গুৰুতৰভাৱে আহত যুৱক