Local, Vocal, Global

Four abductors arrested in Lakhimpur : গোৱালপাৰাৰ লক্ষীপুৰত চাৰি দুধৰ্ষ অপহৰণকাৰীক গ্ৰেপ্তাৰ

গোৱালপাৰা,১০অক্টোবৰ : গোৱালপাৰাৰ লক্ষীপুৰত চাৰি দুধৰ্ষ অপহৰণকাৰীক গ্ৰেপ্তাৰ। গোৱালপাৰাৰ লক্ষীপুৰ আৰু গুৱাহাটীৰ ভগদত্তপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ চাৰি দুধৰ্ষ অপহৰণকাৰীৰ গ্ৰেপ্তাৰ।

গ্ৰেপ্তাৰ কৰা অপহৰকাৰী কেইজন লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত খলিচাভিটাৰ মফিদুল ইছলাম¸ভিমখোজৰ ৰফিকুল সেখ¸হাসডোবা পশ্চিম পাৰাৰ শ্বৰিফুল ইছলাম আৰু হাতীমুৰাৰ মিজানুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে(Four abductors arrested in Lakhimpur)।

জানিব পৰা মতে,অপহৰণকাৰী কেইজনে যোৱা ১অক্টোবৰত গুৱাহাটীৰ পৰা অমিত কুমাৰ সিনহা নামৰ এজন উৱেৰ চালকক অপহৰণ কৰি ১ কোটি টকা মুক্তিপন দাবী কৰিছিল । অপহৰণকাৰী কেইজনে উবেৰ চালক অমিত কুমাৰ সিনহাক মেঘালয়ৰ দক্ষিণ গাৰোপাহাৰ জিলাত অপহৰণ কৰি বন্দী কৰি ৰাখিছিল।অপহৰণ পিছদিনা অমিত কুমাৰ সিনহাক মেঘালয়ৰ দক্ষিণ গাৰোপাহাৰ পৰা আৰক্ষীয়ে গাড়ীসহ উদ্ধাৰ কৰিছিল।

সিনহাৰ পত্নী অনিন্দিতা ৰাজকুমাৰীয়ে ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছিল। আৰক্ষীৰ অভিযানত মঙলবাৰে নিশা ভগদত্তপুৰ আৰক্ষী আৰু লক্ষীপুৰ আৰক্ষীয়ে যুটিয়া অভিযান চলাই চাৰি দূৰ্ধৰ্ষ অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : Ratan Tata Passes Away at 86 :দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান;ৰতন টাটাৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ