Local, Vocal, Global

Mahasaptami 2024: আজি মহাসপ্তমী

নিউজ ডেস্ক,১০অক্টোবৰ : আজি মহাসপ্তমী ।’শক্তিপীঠ, দেৱীপীঠ আৰু দেৱালয়ত সম্পন্ন হ’ব বিভিন্ন প্ৰকাৰৰ বলি’।ৰাজ্য়জুৰি শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ, মহানগৰীৰ পূজাৰ মণ্ডপে মণ্ডপে দেৱীৰ আশিস বিচাৰি ভক্তৰ ভিৰ(Mahasaptami 2024)।

কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাৰ দৃক পদ্ধতিৰে গণনা কৰা অনুসৰি আজি পুৱা ৯ বাজি ১২ মিনিট ৪২ ছেকেণ্ডৰ ভিতৰত হ’ব দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ, স্থাপন, সপ্তমাদি কল্পাৰম্ভ আৰু মহাসপ্তমীবিহিত পূজাৰম্ভ। কলপুলি, মানকচু, ক’লাকচু, অশোক গছৰ ডাল, জয়ন্তী গছৰ ডাল, ডালিম গছৰ ডাল, হালধি, ধানৰ গছা, যোৰ বেশ আৰু অপৰাজিতা ফুলৰ ডালেৰে সজোৱা হয় নৱপত্ৰিকা।

লগতে পঢ়ক :Delhi CM Atishi Evicted From Govt Residence : দিল্লীৰ চিভিল লাইনত থকা মুখ্যমন্ত্ৰীৰ বাসগৃহ ছীল