Local, Vocal, Global

Daily Horoscope for 10th October : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: কাৰ্যালয়ত কামৰ বোজা বৃদ্ধি হ’ব পাৰে ৷ কিন্তু অধিক কামৰ বোজা লোৱাৰ পৰা বিৰত থাকক ৷ এলাহভাৱে কামবোৰ বিৰক্তিদায়ক কৰি তুলিব পাৰে ৷ খং ত্যাগ কৰক অন্যথা কৰ্মক্ষেত্ৰত পৰিস্থিতি বেয়া হ’ব পাৰে ৷ ধৰ্মীয় স্থান ভ্ৰমণ কৰক ৷ শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ বাবে দিনটো শুভ ৷ প্ৰেমৰ সম্পৰ্কত কোনো কথাত মনোমালিন্য হ’ব পাৰে ৷

বৃষ ৰাশি: আজি কোনো কাৰণত আপোনাৰ চিন্তা বৃদ্ধি হ’ব ৷ যোগ আৰু ধ্যানে আপোনাৰ মনলৈ শান্তি ঘূৰাই আনিব৷ খোৱা আৰু শৰীৰৰ যত্ন লওক ৷ ভ্ৰমণ বাতিল কৰক ৷ কাজিয়া-বিবাদ বা তৰ্ক আদিৰ পৰা যিমান পাৰি আঁতৰি থাকক৷

মিথুন ৰাশি: গণেশৰ কৃপাত আজি ঘৰুৱা পৰিবেশ সুন্দৰ হ’ব ৷ আপুনি ভাল পোৱা কামৰ মাজত আপোনাৰ দিন পাৰ হ’ব৷

কৰ্কট ৰাশি: সন্তান আৰু প্ৰিয়জনৰ লগত সুন্দৰ সময় পাৰ হ’ব, খৰচৰ মাত্ৰা বৃদ্ধি হ’ব, কিন্তু আপুনি সেইখিনি ভাল কামত খৰচ কৰিবলৈ পাই সন্তুষ্ট লাভ কৰিব ৷

সিংহ ৰাশি: গণেশৰ মতে, এটা সম্পূৰ্ণ সুখেৰে ভৰা দিন ৷ আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব যাৰ ফলত কামত আৰু আগবাঢ়িব পাৰিব ৷ এই সৌভাগ্য আপোনাৰ পৰিয়ালৰ লগতো ভাগ কৰক ৷

কন্যা ৰাশি: দিনটো বৰ সফল দেখা নাযায় আৰু তাৰ ফলত আপুনি মানসিক অসুবিধা অনুভৱ কৰিব ৷ পৰিয়ালৰ লগত বিশেষ কথাত ভুল বুজাবুজি হ’ব পাৰে ৷ কামৰ বোজাৰ পৰা সাৱধান ৷

তুলা ৰাশি: নতুন ব্যৱসায় আৰম্ভণিৰ বাবে উত্তম সময়, বিদেশৰ পৰা ভাল খবৰ পাব পাৰে ৷ আপোনাৰ জমা টকা ভাল সুতত লাভ কৰিব ৷ শত্ৰুৰ লগত বিজয়ে আপোনাৰ মুখত হাঁহি বিৰিঙাব ৷

বৃশ্চিক ৰাশি: আজি আপোনাৰ বাবে এটা মধ্যমীয়া দিন ৷ টকা-পইচাৰ ক্ষেত্ৰত আপোনাৰ কুশলতা বৃদ্ধি হ’ব আৰু ধৰ্মীয় ক্ষেত্ৰত টকা খৰচ হ’ব ৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল সময় নহয় ৷

ধনু ৰাশি: আজি ভাল দিন ৷ লক্ষ্মী দেৱীৰ কৃপা আপোনাৰ ওপৰত পৰি থাকিব ৷ সামাজিক কামত লাভ হ’ব ৷ সুখত থাকক আৰু পৰিয়ালৰ সদস্যসকলৰ লগত সময় কটাওক ৷

মকৰ ৰাশি:দিনটোৰ বেছিভাগ সময় টকাৰ লোকচানৰ বাবে যন্ত্ৰণাৰ মাজত কটাব লাগিব ৷ প্ৰিয়জনৰ লগত কাজিয়া হ’ব আৰু আইনী কাৰ্যই আপোনাক মানসিকভাৱে অপকাৰ সাধন কৰিব ৷ শান্ত থাকিবলৈ চেষ্টা কৰক ৷

কুম্ভ ৰাশি: পৰিয়াল আৰু সন্তানৰ লগত সময় কটাব পাৰিব, নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ আপোনাৰ দক্ষতা বৃদ্ধি হ’ব আৰু সামাজিকভাৱে সন্মান লাভ কৰিব ৷ ভ্ৰমণৰ সুন্দৰ যোগ আছে ৷

মীন ৰাশি: কাৰ্মক্ষেত্ৰত আৰু পাৰিবাৰিক জীৱনত এটা ভাগ্যশালী দিন বুলিব পাৰি ৷ পিতৃৰ শুভকামনাৰ ফলত সমাজত আপোনাৰ স্থান উন্নত হ’ব ৷ শৰীৰৰ পৰা একো অসুবিধা নোপোৱাকৈ দিন পাৰ কৰিব পাৰিব ৷