Local, Vocal, Global

Ratan Tata passes away at 86: দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ মৃত্যু;মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত ৮৬ বছৰ বয়সত মৃত্যু

নিউজ ডেস্ক,১০অক্টোবৰ : পূজাৰ বতৰত দেশবাসীলৈ আহিল দুখজনক খবৰ। বিশিষ্ট উদ্যোগপতি ৰতন টাটা আৰু নাই। জীৱনৰ ৮৬ টা বসন্তত অনন্ত ধামলৈ গতি কৰিলে এইগৰাকী বিশিষ্ট উদ্যোগপতি তথা মানৱদৰদী ৰতন টাটাই(Ratan Naval Tata Passes Away)।

বুধবাৰে নিশা চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে উদ্যোগপতিগৰাকীয়ে। সোমবাৰৰ পৰা মুম্বাইৰ ব্রীছকেণ্ডি হাস্পতালত চিকিৎ‍সাধীন হৈ আছিল ৰতন টাটা।

তেখেতে জীৱনকালত ভাৰতীয় সমাজ জীৱনলৈ আগবঢ়াইছিল অকুণ্ঠ বৰঙণি। দেশৰ ধনাঢ্য উদ্যোগপতি হৈও কটাইছিল সাধাৰণ জীৱন। তেঁওৰ অকৃত্ৰিম মৰম, স্নেহ তথা উল্লেখযোগ্য বৰঙণিৰ বাবে অসম চৰকাৰে আগবঢ়াইছিল অসমৰ সৰ্বোচ্চ সন্মান ‘অসম বৈভৱ’ বঁটা।

১৯৯০ চনৰ পৰা ২০১২ চনলৈ টাটা গ্ৰুপৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৰতন টাটাই। পৰৱৰ্তী সময়ত ২০১৬ চনৰ পৰা ২০১৭ চনৰ ফেব্ৰুৱাৰীলৈ অন্তৰ্ৱৰ্তীকালীন অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ। ২০০০ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মভূষণ’ লাভ কৰাৰ পাছত ২০০৮ চনত তেওঁ লাভ কৰে দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মবিভূষণ’।১৯৩৭ চনৰ ২৮ ডিচেম্বৰত সেইসময়ৰ বৃটিছ আমোলত মুম্বাই (তেতিয়াৰ বোম্বাই)ৰ এটা পাৰ্চী জৰথুষ্ট্ৰিয়ান পৰিয়ালত জন্ম হৈছিল উদ্যোগপতিগৰাকীৰ(Ratan Tata, National Icon, Dies At 86)।

তেওঁৰ পিতৃ আছিল নৱল টাটা। ৰতন টাটাৰ ১০ বছৰ বয়সতে ১৯৪৮ চনত তেওঁৰ পিতৃ-মাতৃ পৃথক হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁক তেওঁৰ আইতাকে তুলি-তালি ডাঙৰ-দীঘল কৰিছিল। টাটাই অষ্টম শ্ৰেণীলৈকে মুম্বাইৰ কেম্পিয়ন স্কুলত অধ্যয়ন কৰিছিল। পাছলৈ তেওঁ মুম্বাইৰ কেথেড্ৰেল আৰু জন কনন স্কুল, চিমলাৰ বিছপ কটন স্কুল আৰু নিউয়ৰ্ক চহৰৰ ৰিভাৰডেল কাণ্ট্ৰী স্কুলত অধ্যয়ন কৰে। টাটাই পৰৱৰ্তী সময়ত কৰ্ণেল বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে আৰু তাৰ পৰা তেওঁ ১৯৫৯ চনত স্থাপত্যবিদ্যাত স্নাতক ডিগ্ৰী লাভ কৰে। কৰ্ণেলত থাকোঁতে, টাটা আলফা চিগমা ফি ফ্ৰাটাৰ্নিটিৰ সদস্য হৈছিল(Ratan Tata passes away at 86)।

২০০৮ চনত টাটাই কৰ্ণেলক ৫০ নিযুত ডলাৰ উপহাৰ দিছিল। ৰতন টাটা তেতিয়া বিশ্ববিদ্যালয়খনৰ ইতিহাসৰ সৰ্ববৃহৎ আন্তৰ্জাতিক দাতা হিচাপেও পৰিগণিত হৈছিল।

লগতে পঢ়ক : AFSPA extended in 4 districts of Assam amid recent turmoil : ৰাজ্যৰ ৪ জিলাত বৃদ্ধি সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ ম্যাদ