Local, Vocal, Global

AFSPA extended in 4 districts of Assam amid recent turmoil : ৰাজ্যৰ ৪ জিলাত বৃদ্ধি সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ ম্যাদ

নিউজ ডেস্ক,৯অক্টোবৰ : ৰাজ্যৰ ৪ জিলাত বৃদ্ধি সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ ম্যাদ। ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰত AFSPAৰ ম্যাদ বৃদ্ধি। পুনৰ ছমাহলৈ বৃদ্ধি সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ ম্যাদ। AFSPAৰ ম্যাদ বৃদ্ধিৰ প্ৰস্তাৱত অনুমতি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। চুবুৰীয়া ৰাষ্ট্ৰ-ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বাবে বৃদ্ধি AFSPAৰ ম্যাদ(AFSPA extended in 4 districts of Assam amid recent turmoil)।

মঙলবাৰে জাৰি কৰা এক জাননী অনুসৰি, বাংলাদেশৰ শেহতীয়া পৰিস্থিতি আৰু ইয়াৰ ফলত আভ্যন্তৰীণ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত সম্ভাৱ্য বিদ্বেষপূৰ্ণ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি এই চাৰিখন জিলাত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন চমুকৈ আফস্পাৰ ম্যাদ ছয় মাহৰ বাবে বৃদ্ধি কৰা হৈছে(AFSPA extended in 4 districts of Assam amid recent turmoil in Bangladesh)।

“আৰক্ষী মুখ্য কাৰ্যালয়ৰ জৰিয়তে লাভ কৰা বিভিন্ন সংস্থাৰ প্ৰতিবেদনে ইংগিত দিছে যে নিৰাপত্তা বাহিনীৰ নিৰন্তৰ প্ৰচেষ্টা আৰু সক্ৰিয় বিদ্ৰোহী বিৰোধী পদক্ষেপৰ বাবে, বিগত কেইবছৰমানত আৰু বিশেষকৈ বিগত তিনি বছৰত অসমৰ সামগ্ৰিক পৰিস্থিতি যথেষ্ট উন্নত হৈছে ।” জাননীখনত লগতে কোৱা হৈছে ।

“অৱশ্যে চুবুৰীয়া দেশ বাংলাদেশত শেহতীয়াকৈ হোৱা বিশৃংখলতা আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আভ্যন্তৰীণ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত ইয়াৰ সম্ভাৱ্য বিদ্বেষপূৰ্ণ প্ৰভাৱৰ বাবে অসম চৰকাৰে পৰামৰ্শ দিছে যে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ আৰু ৬ মাহৰ বাবে বাহাল ৰখা হ’ব পাৰে ।” জাননীখনত উল্লেখ কৰা হৈছে।

লগতে পঢ়ক :Traffic Police Issues Special Guidelines For Durga Puja : মহানগৰ আৰক্ষীয়ে যানবাহন চলাচলৰ ক্ষেত্ৰত জাৰি কৰিছে কেতবোৰ নির্দেশনা