Local, Vocal, Global

Road Accident In Sipajhar : অচিনাক্ত ট্ৰাকে খুণ্ডিয়ালে বাইক আৰোহী,আহত তিনিজন

ছিপাঝাৰ,৯অক্টোবৰ : দুৰ্গাপূজাৰ প্ৰাকক্ষণত ছিপাঝাৰৰ দুমুনিচকীত পথ দুৰ্ঘটনা।মঙলবাৰে ছিপাঝাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত ট্ৰাকে খুণ্ডিয়াই বাইক আৰোহীক।ফলত গুৰুতৰ ভাৱে আহত হয় তিনিগৰাকীকৈ লো(Road Accident In Sipajhar)।

জানিব পৰা মতে,মঙলদৈ-গুৱাহাটী অভিমূখী এখন ট্ৰাকে খুন্দিয়াই থৈ যায় এজন বাইক আৰোহীক। ট্ৰাকৰ খুন্দাত বাইকসহ আৰোহী চিটিকি পৰে পথেৰে গৈ থকা এগৰাকী মহিলা আৰু এগৰাকী ছোৱালীৰ ওপৰত। ইয়াৰ লগে লগে স্থনীয় লোকে সংকট জনক তিনিওজনক উদ্ধাৰ কৰি ১০৮ৰ সহায়ত GMCH লৈ প্ৰেৰণ কৰে ।

দুৰ্ঘটনাগ্ৰস্ত দুচকীয়া বাহন খনৰ নম্বৰ হৈছে AS 13 R7418।

ইফালে দুৰ্ঘটনাটো কৰিয়ে পলায়ন কৰে ট্ৰাকখন।স্থানীয় লোকৰ অভিযোগ, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো অতি ঠেক  হোৱা বাবে সঘনাই সংঘটিত হৈছে পথ দুৰ্ঘটনা।

লগতে পঢ়ক :Sensational incident : মহানগৰীৰ ল’জত যুৱতীক নিচাসক্ত দ্ৰৱ্য খোৱাই অপকৰ্ম