Local, Vocal, Global

Durga Puja 2024 : জেলেপিৰ অবিহনে যেন আধৰুৱা পূজাৰ আনন্দ

নিউজ ডেস্ক,৮অক্টোবৰ : শাৰদীয় দুৰ্গা পূজা। চৌদিশে দুৰ্গোৎসৱৰ ৰঙীন পৰিৱেশ।

দেশৰ লগতে সমগ্ৰ ৰাজ্যৰ চৌদিশে দেখিবলৈ পোৱা গৈছে এক উৎসৱ মুখৰ পৰিবেশ । দেৱী দুৰ্গা আশিষ লবলৈ সাজু ভক্ত। কিন্তু জেলেপি অবিহনে যেন আধৰুৱা পূজাৰ আনন্দ ।

দুৰ্গা পূজা বুলি ক’লে মনলৈ আহে জেলেপিৰ কথা । চকুৰ সম্মুখত ভাঁহি আহে বিধে বিধে জেলেপী । দুৰ্গা পূজা মানে যেন জেলেপি । জেলেপি খোৱাদ লৈ পূজা চোৱাৰ আনন্দই যেন সুকীয়া । দুৰ্গা পূজাত এক সুকীয়া স্থান লাভ কৰি আহিছে জেলেপিয়ে । মিঠাইৰ দোকানত সকলোকে বেক ফুটত ৰাখি দুৰ্গা পূজাত প্ৰতিবাৰে ছিক্স চাৰ মাৰি আহিছে জেলপিয়ে(Durga Puja 2024) ।

কাইলৈৰে পৰা বিপনী সমূহত ভৰি পৰিব মাটিমাহৰ জেলেপিৰ পৰা আৰম্ভ কৰি আম ,আনৰস,ষ্ট্ৰ বেৰিৰ নানা বিধৰ জেলেপিৰ। সকলো মিঠাইৰ দোকানত প্ৰস্তুত কৰা হব নানা বিধৰ জেলেপি।

লগতে পঢ়ক :Cattle Smuggling in Lahowal : লাহোৱালত জব্দ ১২ টা চোৰাং গৰুসহ এখন পিক আপ ভান