Local, Vocal, Global

Drugs peddler arrested along with drugs : কাছাৰ আৰক্ষীৰ বিশেষ সাফল্য;জব্দ ৭ কোটি টকাৰ নিচা জাতীয় সামগ্ৰীৰ

নিউজ ডেস্ক,৮অক্টোবৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Drugs peddler arrested along with drugs)।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।

দুৰ্গা পূজাৰ প্ৰাক ক্ষণত‌ কাছাৰ আৰক্ষীৰ বিশেষ সাফল্য।

ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান ।অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ ।

গোপন তথ্যৰ ভিত্তিত জিলাখনৰ শিলচৰ থানাৰ অন্তৰ্গত কনকপুৰ দ্বিতীয় খণ্ড আৰু সোণাইৰ ৰামনগৰত অভিযান চলাই আৰক্ষীয়ে । কনকপুৰত অভিযান চলাই আৰক্ষীয়ে হেৰ’ইন ভৰ্তি ৪৪ টা চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা মুঠ ৫৭২ গ্ৰাম হেৰ’ইন জব্দ কৰা হয়।‌ আনহাতে, সোণাই ৰামনগৰত চলোৱা অভিযানত ১০,০০০( দহ হাজাৰ) য়াবা টেবলেট জব্দ কৰা হয়।লগতে আৰক্ষীয়ে আটক কৰে এজন সৰবৰাহকাৰীক। আটকাধীন সৰবৰাহকাৰীজন আখতাৰ হুছেইন বৰভূঞা বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, জব্দ কৰা হেৰ’ইন আৰু টেবলেট খিনি চুবুৰীয়া মিজোৰামৰ পৰা সৰবৰাহ কৰি কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল।‌ জব্দ কৰা এই নিচা জাতীয় সামগ্ৰী খিনিৰ মূল্য প্ৰা‌য় ৭ কোটি টকা বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই।

লগতে পঢ়ক :Man Missing After Leaping into Gaurang River: গৌৰাং নৈত জাপ দি সন্ধানহীন এজন যুৱক