Local, Vocal, Global

Traffic Police Issues Special Guidelines For Durga Puja : দুৰ্গোৎসৱ উপলক্ষে মহানগৰীত যান-বাহন আৰক্ষীয়ে জাৰি কৰিলে বিশেষ নিৰ্দেশনা

নিউজ ডেস্ক,৮অক্টোবৰ : দুৰ্গোৎসৱ উপলক্ষে মহানগৰীত যান-বাহন আৰক্ষীয়ে জাৰি কৰিলে বিশেষ নিৰ্দেশনা।

এই নিদেৰ্শনা ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ বাহাল থাকিব।সামগ্ৰী কঢ়িওৱা বাহন চলাচলৰ ক্ষেত্ৰত থাকিব বাধ্যবাধকতা।

নিৰ্দেশনা অনুসৰি, পুৱা ৪ বজাৰ পৰা দিনৰ ১২ বজালৈহে প্ৰৱেশ কৰিব পাৰিব সামগ্ৰী কঢ়িওৱা বাহন। বিয়লি ২ বজাৰ পৰা নিশা ২ বজালৈ কেইবাটাও পথত NO ENTRY।

গণেশ মন্দিৰৰ পৰা গণেশগুৰিলৈ Dr. R P ৰোডত One Way ঘোষণা। জু-ৰোডৰ পৰা গণেশ মন্দিৰৰ দিশলৈ নিষিদ্ধ মালবাহী বাহনৰ প্ৰৱেশ(Traffic Police Issues Special Guidelines For Durga Puja)।

গণেশগুৰিৰ পৰা জু-ৰোডৰ দিশত NO ENTRY। বেলতলা বজাৰৰ পথছোৱা হ’ব One Way।

বেলতলা তিনিআলিৰ পৰা ভেটাপাৰা চাৰিআলিলৈ One Way। বশিষ্ঠ চাৰিআলিৰ পৰা বেলতলা তিনিআলিলৈ NO ENTRY।

নামনি অসমৰ পৰা গুৱাহাটীলৈ অহা বাহনক লৈও বিশেষ নিৰ্দেশনা। আদবাৰীলৈহে আহিব পাৰিব যাত্ৰীবাহী বাণিজ্যিক বাহন।

নামনিৰ পৰা পল্টনবজাৰলৈ আহিব নোৱাৰি ASTCৰ বাছ। পল্টনবজাৰৰ পৰিৱৰ্তে ISBTলৈ যাব পাৰিব বাহনসমূহ।

উজনিৰ পৰা অহা বাণিজ্যিক বাহন ISBTলৈ যাব পাৰিব। বশিষ্ঠ মন্দিৰৰ পৰা বেলতলা তিনিআলি হৈ চিটীবাছৰ সেৱা বন্ধ।

বশিষ্ঠ চাৰিআলিৰ পৰা কইনাধৰা-খানাপাৰা হৈ চলিব চিটীবাছ। পাঞ্জাবাৰী-চানমাৰি-ধাৰাপুৰলৈ চিটীবাছ চলাচলৰ পথ সলনি। ভিআইপি ৰোড-নুনমাটি-চানমাৰি হৈ ধাৰাপুৰলৈ চলিব চিটীবাছ।

লগতে পঢ়ক : Vinesh Phogat wins against BJP’s Yogesh Bairagi from Julana :জুলানা সমষ্টিত জয়লাভ মল্লযুঁজাৰু ভিনেশ ফোগাটৰ