Local, Vocal, Global

Elephant menace in Parbatjhora :খোৰাঘাট জয়পুৰ গাঁৱত বন্যহস্তীৰ তাণ্ডৱ;তহলিং কৰিছে ধান খেতিকে ধৰি শাক পাঁচলি খেতি

গহপুৰ,৮অক্টোবৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Parbatjhora)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে । ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Elephant menace in Parbatjhora)।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বি টি আৰৰ খোৰাঘাটৰ জয়পুৰ গাঁৱত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ । দৈনিক নিশা হোৱাৰ লগে লগে বনাঞ্চলৰ পৰা ওলাই আহে হাতীৰ জাক ।

বি টি আৰৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বন প্ৰাধিকৰণৰ অধিনত থকা খোৰাঘাট জয়পুৰ গাঁৱত নিশা হ’লে বন্যহস্তীয়ে তাণ্ডৱ চলাই ৷ বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হতীৰ জাকটোৱে দীৰ্ঘদিনৰ পৰাই শাক পাঁচলি ধান খেতিৰ ওপৰত চলাই আহিছে তাণ্ডৱ ।

মঙলবাৰে নিশা বনাঞ্চল পৰা ওলাই অহা বনৰীয়া হাতীয়ে জয়পুৰ গাঁৱৰ কেবাটাও ঘৰ বাৰী,খাদ্য সামগ্ৰী,ধান খেতি তহলিং কৰে ।

ঘটনা সন্দৰ্ভত বন বিভাগত খবৰ দিয়া হৈছে যদিও পৰ্বতঝোৰা বন সংমণ্ডল বিষয়া ,কৰ্মচাৰীয়ে ঘটনা সন্দৰ্ভত কোনো পদক্ষেপ হাতত লোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷

লগতে পঢ়ক : Nobel Prize in Medicine 2024: ঘোষণা হ’ল ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা; Micro RNA আৱিষ্কাৰৰ বাবে আমেৰিকাৰ দুজনকৈ বিজ্ঞানীক প্ৰদান ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা