Local, Vocal, Global

Nobel Prize in Medicine 2024: ঘোষণা হ’ল ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা; Micro RNA আৱিষ্কাৰৰ বাবে আমেৰিকাৰ দুজনকৈ বিজ্ঞানীক প্ৰদান ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা

নিউজ ডেস্ক,৮অক্টোবৰ : ঘোষণা হ’ল ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা। Micro RNA আৱিষ্কাৰৰ বাবে আমেৰিকাৰ দুজনকৈ বিজ্ঞানীক প্ৰদান কৰা হৈছে ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা।
Victor Ambros and Gary Ruvkunলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল(Nobel Prize in Medicine 2024)৷

Micro RNAৰ আৱিষ্কাৰ আৰু প’ষ্ট-ট্ৰান্সক্ৰিপচনেল জিন নিয়ন্ত্ৰণত ইয়াৰ ভূমিকাৰ বাবে ২০২৪ বৰ্ষৰ শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছে ভিক্টৰ এম্ব্ৰ’জ আৰু গেৰী ৰুভকুনে।

ছুইডেনৰ কেৰ’লিনস্কা ইনষ্টিটিউট মেডিকেল ইউনিভাৰ্চিটিৰ ন’বেল সভাই নিৰ্বাচিত কৰে আৰু দুয়োগৰাকীলৈ ১ কোটি ১০ লাখ ছুইডিছ ডলাৰ পুৰস্কাৰ হিচাপে ঘোষণা কৰে(Victor Ambros and Gary Ruvkun win for discovery of microRNA)।

প্ৰতিবছৰৰ অক্টোবৰত ঘোষণা কৰা হয় ন’বেল বঁটাসমূহ৷ মাইক্ৰ’ আৰ এন এ আৱিস্কাৰ, ট্ৰেন্সক্ৰিপশ্যনেল জিন নিয়ন্ত্ৰণত ইয়াৰ ভূমিকা বিষয়ত ন’বেল বঁটা৷

প্ৰতি বছৰৰ দৰেই এইবছৰো চিকিৎসা বিজ্ঞানৰ ন’বেল প্ৰথমে ঘোষণা কৰা হয়। পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে বিজ্ঞান, সাহিত্য আৰু মানৱীয় প্ৰচেষ্টাৰ আটাইতকৈ সন্মানীয় পুৰস্কাৰ প্ৰদান কৰা হ’ব।

লগতে পঢ়ক :Man Falls from Boat, Goes Missing : নামনি মাজুলীৰ মলয়া চাপৰি ঘাটত নাৱৰ পৰা পৰি সন্ধানহীন এজন লোক