Local, Vocal, Global

Generosity in Bilasipara : বিলাসীপাৰাত যুৱ নেতা জামাল হকৰ মহানুভৱতা

বিলাসীপাৰা,৮অক্টোবৰ : ৰাজ্যত শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উল্লাহ। শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উল্লাহৰ মাজতে বিলাসীপাৰাত যুৱ নেতা জামাল হকৰ মহানুভৱতা।দুৰ্গাপূজাৰ প্ৰাকমূহুৰ্তত জামাল হকে দাঙি ধৰিলে সম্প্ৰীতিৰ অনন্য নিদৰ্শন। শতাধিক হিন্দু সম্প্ৰদায়ৰ লোকৰ মাজত জামাল হকে নিজৰ গাঠিৰ ধনেৰে বিতৰণ কৰিলে বস্ত্ৰ(Generosity in Bilasipara)।

যি সময়ত ৰাজ্যত কেৱল-হিন্দু মুছলমানৰ অতি ঘৃণনীয় ৰাজনীতি চলি থাকে, তেনে সময়তে দৰিদ্ৰ-দুখীয়াৰ মাজত দুৰ্গা পূজাৰ বিশেষ উপহাৰ আগবঢ়োৱাৰ বাবে হকক ভূয়সী প্ৰশংসা কৰিছে বিভিন্নজনে।

দুৰ্গা পূজাৰ প্ৰাক মূহুৰ্তত জামাল হকৰ পৰা বস্ত্ৰ উপহাৰ লাভ কৰি আপ্লুত হৈ পৰে ভোটেৰকান্দা গাঁৱৰ দুখীয়া দৰিদ্ৰ ৰাইজ।

উল্লেখ্য যে বিগত বছৰবোতো যুৱ নেতা জামাল হকে প্ৰতিটো উৎসৱ পৰ্বনত দুখীয়া দৰিদ্ৰ ৰাইজক বিনামূলীয়াকৈ বিতৰণ কৰি আহিছিল বিভিন্ন সা-সামগ্ৰী।

লগতে পঢ়ক :Wild elephant mysterious death in Golaghat : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীৰ কৰুণ মৃত্যু