Local, Vocal, Global

Security forces recover arms and ammunition from Kakching district : হিংসাজৰ্জ মণিপুৰত উদ্ধাৰ গোলাবাৰুদ আৰু যুদ্ধত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰ

নিউজ ডেস্ক,৮অক্টোবৰ : হিংসাজৰ্জ মণিপুৰৰ পাহাৰ আৰু উপত্যকা জিলাৰ দুৰ্বল অঞ্চলত আৰক্ষীৰ অভিযান । অভিযানত মণিপুৰৰত জব্দ গোলাবাৰুদ আৰু যুদ্ধত ব্যৱহৃত অন্যান্য অস্ত্ৰ-শস্ত্ৰ।

এই সন্দৰ্ভত এক্সত এটা পোষ্টত মণিপুৰ আৰক্ষীয়ে জনোৱা অনুসৰি, ৫ অক্টোবৰত পাহাৰ আৰু উপত্যকা জিলাৰ স্পৰ্শকাতৰ অঞ্চলত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই। অভিযানত ‘‘নিৰাপত্তা বাহিনীয়ে মেগজিনসহ তিনিটা কাৰ্বাইন, এটা এয়াৰ গান, দুটা ছিংগল বেৰেল ৰাইফল, মেগজিনসহ এটা নাইন এম এম পিষ্টল, 14 টা ডিটনেটৰ বিহীন 36 নং এইছ ই গ্ৰেণেড, এটা 51 এম এম মৰ্টাৰ, দুটা 2 নং MK-III গ্ৰেণেড, 4.755 কিঃগ্ৰাঃ আই ই ডিসহ এটা কন্টেইনাৰ, চাৰিটা ডিটনেটৰ, 6 টা কন্দুৱা গেছৰ শ্বেল, দুটা ৰবৰ বুলেট উদ্ধাৰ কৰে ৷’’

মণিপুৰ আৰক্ষীয়ে লগতে উল্লেখ কৰিছে যে কাকচিং জিলাৰ টুৰেনমেইৰ ৱাবাগাই নাটেখঙৰ পৰা এটা ষ্টিংগাৰ কাৰ্টিজ, দুটা টিউব লঞ্চিং, তিনিটা আৰ্মিং ৰিং, 34 টা সজীৱ গুলী, 25 টা এক্সপ্ল’ছিভ কাৰ্টিজ, 18 টা 7.62 এম এম ফায়াৰড কেছ, 10 টা ফায়াৰড এক্সপ্ল’ছিভ কাৰ্টিজ, এটা বাঅ’ফেং চেট চাৰ্জাৰৰ সৈতে, এটা হেলমেট, দুটা বিপি কভাৰ, দুটা বিপি প্লেট (স্থানীয়ভাৱে নিৰ্মিত), এযোৰ জংগল বুট উদ্ধাৰ কৰা হৈছে(Security forces recover arms and ammunition from Kakching district)।

ভাৰতীয় সেনাবাহিনীৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি এক যৌথ অভিযানত মণিপুৰত নিয়োজিত ভাৰতীয় সেনা, আছাম ৰাইফলছ, মণিপুৰ আৰক্ষী, আৰু অন্যান্য নিৰাপত্তা বাহিনীৰ সৈন্যই 18 টা অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ জব্দ কৰে । মণিপুৰৰ চুৰাচান্দপুৰ, কাকচিং, আৰু থৌবাল জিলাত 4 অক্টোবৰৰ পৰা 6 অক্টোবৰলৈ এই অভিযান চলাইছিল । যোৱা 4 অক্টোবৰত আছাম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে যৌথ অভিযান চলাই চুৰাচান্দপুৰ জিলাৰ খেংমোল অঞ্চলত এটা 9 এম এম পিষ্টল, পাঁচটা ছিংগল বেৰেল ৰাইফল, আৰু 5 টা ইম্প্ৰভাইজড গধুৰ মৰ্টাৰ জব্দ কৰে(Manipur police recover huge cache of arms and ammunition in Kakching)।

যোৱা 5 অক্টোবৰত চুৰাচান্দপুৰ জিলাৰ খেংমোল পাহাৰৰ পৰা মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছে গোলাবাৰুদ উদ্ধাৰ কৰে । 2 অক্টোবৰত ৰাজ্যত নিৰাপত্তা বাহিনীয়ে চলোৱা আন এক তালাচী অভিযানত যথেষ্ট পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী উদ্ধাৰ হয় ।

এই অভিযানৰ ফলত টেংগন’পাল জিলাৰ চেনাম গাঁৱৰ পৰা লাথ’ড গান (দেশত নিৰ্মিত), আই ই ডি, গ্ৰেনেড, পেট্ৰ’ল বোমা, ব’ৰ ৰাইফল, পম্পি গোলাবাৰুদ, ডিট’নেটৰ আদি সামগ্ৰী উদ্ধাৰ কৰা হয় । ইফালে, ২৭ ছেপ্টেম্বৰত কাংপকপিৰ পৰা অপহৰণ কৰা বুলি অভিযোগ উত্থাপন হোৱা মণিপুৰৰ যুৱক দুজন নিৰাপদে ঘূৰি অহাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ উভয়ৰে প্ৰচেষ্টাক বৃহস্পতিবাৰে শলাগ লয় মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে।

লগতে পঢ়ক :Haryana election results : হাৰিয়ানাত কংগ্ৰেছ নে বিজেপিৰ চৰকাৰ?