Local, Vocal, Global

Assam Government distributing cheques to various durga puja committee : দুৰ্গা পূজা সমিতিলৈ ১০ হাজাৰ টকাৰ চেক প্ৰদান হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ

নিউজ ডেস্ক,৮অক্টোবৰ : ৰাজ্যত শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ।দুৰ্গা পূজা সমিতিসমূহলৈ চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে বিশেষ সাহায্য। চৰকাৰী সাহায্য হিচাপে ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেই অনুসৰি ৰাজ্যৰ বিভিন্ন পূজা সমিতিসমূহক প্ৰদান কৰা হৈছে ১০ হাজাৰ টকাৰ চেক।
কামৰূপ জিলাৰ ৮৫ খন দূৰ্গা পূজা সমিতিক চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে চেক। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰদান কৰিলে চেক(Assam Government distributing cheques to various durga puja committee)।

কামৰূপৰ দদৰাত জিলা প্ৰশাসনৰ উদ্যোগত ভৃগু কুমাৰ ফুকন ৰাজহুৱা প্ৰেক্ষাগৃহত দুৰ্গা পূজা সমিতিলৈ চেক বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে বজালী বিধানসভাৰ অন্তৰ্গত ৯ খন দুৰ্গাপূজা সমিতিলৈ ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। বজালী আয়ুক্তৰ কাৰ্যালয়ত ৯ খন দুৰ্গাপূজা সমিতিৰ কাৰ্যকৰ্তাক চেক বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে।

লগতে পঢ়ক :Haryana election results : হাৰিয়ানাত কংগ্ৰেছ নে বিজেপিৰ চৰকাৰ?