Local, Vocal, Global

Election Results 2024 :আজি ঘোষণা হ’ব দুই ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল

নিউজ ডেস্ক,৮অক্টোবৰ : আজি ঘোষণা হ’ব দুই ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল(Election Results 2024)। ঘোষণা হ’ব হাৰিয়ানা, জম্মু-কাশ্মীৰৰ নিৰ্বাচনৰ ফলাফল।
ইতিমধ্যে পুৱা ৮ বজাৰ লগে লগে দুয়োখন ৰাজ্যতে আৰম্ভ হৈছে ভোটগণনা। জম্মু কাশ্মীৰত কটকটীয়া নিৰাপত্তাৰে চলিছে ভোটগণনা।

দুয়োখন ৰাজ্যত ৯০ টাকৈ সমষ্টিত হৈছে নিৰ্বাচন। যোৱা ১৮ ছেপ্টেম্বৰ, ২৫ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত ৩টা পৰ্যায়ত জম্মু-কাশ্মীৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। আজি ভোট গণনাত প্ৰথমে পষ্টেল বেলটৰ ভোট গণনা কৰা হৈছে।

ইয়াৰ পিছত ইভিএম অৰ্থাৎ ইলেক্ট্ৰনিক ভোটিং মেচিনৰ দ্বাৰা দিয়া ভোট গণনা কৰা হ’ব। জম্মু-কাশ্মীৰত কংগ্ৰেছ-এনচি মিত্ৰজোঁট আৰু বিজেপিৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা দেখা যাব। ভোটদানৰ বাবে জম্মু-কাশ্মীৰৰ আটাইকেইটা ২০টা গণনা কেন্দ্ৰ আৰু জিলা সদৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে(J&K and haryana assembly election result 2024 counting)।