Local, Vocal, Global

Daily Horoscope for 8th October : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজি শাৰীৰিক অসুস্থতাৰ ঠিক হোৱাৰ সম্ভাৱনা আছে । আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাতো সক্ষম হব। ঘৰত সমস্যাৰ সৃ্ষ্টি হব পাৰে কিন্তু আপুনি জীৱন সংগীক সৰু সৰু কথাৰ বাবে কথা শুনোৱা বন্ধ কৰক। আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হব পাৰিব। আপুনি যোৱাকেইদিন অফিচৰ কাম আধৰুৱা থৈ দিছিলে যাৰ ফলস্বৰূপে আপুনি আজি অৱসৰ সময়তো অফিচৰ কাম কৰিব লাগিব।

বৃষ ৰাশি : অযুক্তিকৰ কথাত এনেই তৰ্ক কৰাত নিজৰ শক্তি ব্যায় নকৰিব। আপুনি সেই যোজনা সমূহত বিনিয়োগ কৰাৰ আগত দুই বাৰ চিন্তা কৰক ,যিবোৰ আজি আপুনি দেখিছে। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব।আপুনি নিজৰ পৰিশ্ৰমৰ দ্বাৰা ইয়াক বাস্তৱত ৰূপায়িত কৰাৰ প্ৰয়োজন আছে,যি ব্যৱসায়ত থকাৰ মূল মন্ত্ৰ হয়,কামত মনোযোগ অটুট ৰাখিবৰ বাবে নিজকে শান্ত ৰাখক।

মিথুন ৰাশি : আজি আপুনি উৰ্জা আৰু শক্তিদি ভৰপূৰ হ’ব,আপুনি যি কাম সাধাৰণতে কৰোতে একদিন লাগে সেই কাম আজি আপুনি আজি আধা দিনতে সম্পূৰ্ণ কৰিব পাৰিব। যিকোনো ধুনীয় নতুন চিন্তা অথবা বিচাৰ আপোনাক আৰ্থিক ভাৱে লাভান্বিত কৰিব।যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ প্ৰেমাস্পদ আপোনাৰ মনৰ কথা বুজি পাব চেষ্টা নকৰে তেন্তে আজি আপুনি দিনটো তেখেতৰ লগত কটাওক আৰু আপোনাৰ ক্থাখিনি স্পষ্টভাৱে তেখেতেৰ আগত খুলি কওক।

কৰ্কট ৰাশি : ইচ্ছাশক্তি কম হোৱাৰ বাবে ভাৱনাত্মক আৰু মানসিক সমস্যাত ফঁচিব পাৰে। পৰিয়ালৰ লগত সামাজিক গতিবিধিয়ে আপোনাকে ধৰি সকলোকে সুখী কৰিব। কোনোবা আজি আপোনাক তেখেতৰ আপোনাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিব। যি ব্যক্তি কলা আৰু ৰংগ মঞ্চৰ লগত জড়িত সিহঁতক আজি নিজৰ কৌশল দেখুৱাবলৈ বহুত সুযোগ প্ৰাপ্ত হব। আপোনাৰ জীৱন লগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব,আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে।

সিংহ ৰাশি : আপোনাৰ উচ্চ আত্ম-বিশ্বাসক আজি ভালকৈ ব্যৱহাৰ কৰক ।ব্যস্ততাপূৰ্ণ দিন এটা হোৱা স্বত্তেও আপুনি উৰ্জা আৰু সতেজতা লাভ কৰাত সক্ষম হ’ব। লক্ষ্মীৰ আগমণ হব পাৰে। ৰোমাঞ্চৰ আজি অৱনতি ঘটিব আৰু দামী উপহাৰেও সেই যাদু চলোৱাত বিফল হব। আপোনাৰ তাত বহুত কিবা-কিবি আহৰণ কৰাৰ ক্ষমতা আছে -এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। যিবোৰ সম্বন্ধক আপুনি গুৰুত্ব প্ৰদান কৰে সেইবোৰ সম্বন্ধক সময় দিয়াও শিকিব লাগে নহ’লে সম্বন্ধ ভাঙিব পাৰে। আজি আপুনি একো কাৰণ নোহোৱাকৈ আপোনাৰ জীৱন সংগীৰ লগত অকল মানসিক অশান্তিৰ বাবে কাজিয়াৰ সূত্ৰপাত কৰিব পাৰে।

কন্যা ৰাশি : অফিচ আৰু ঘৰৰ কামৰ চাপে আপোনক খঙাল কৰি তুলিব। যিবোৰ লোকে টেক্স ৰ আদায় সময়মতে নকৰে সিহতঁ আজি কিবা ডাঙৰ সমস্যাৰ সন্মুখীন হব পাৰে। সেইবাবে আপোনাক উপদেশ দিয়া হয় যে টেক্স ৰ আদায় সময়মতে কৰিব লাগে। আপুনি সকলো পাৰিবাৰিক ধাৰ শেষ কৰাত সফল হব। প্ৰেমৰ বিষয়ত কাৰো ওপৰত চাপৰ সৃষ্টি নকৰিব। যদি আপুনি কামক গুৰুত্ব প্ৰদান কৰিব তেনেত সফলতা আৰু প্ৰতিষ্ঠা লাভ কৰিব।

তুলা ৰাশি : দূৰণিবটীয়া যাত্ৰাৰ বাবে ওলাইছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। অফিচত কাম -কাজ অধিক হৈ থকা বাবে আপুনি আপোনাৰ জীৱন সংগীৰ লগত অধিক সময় অতিবাহিত কৰিব নোৱাৰিব ,যাৰ ফলত ঘৰৰ পৰিৱেশ হতাশাগ্ৰস্থ হোৱাৰ সম্ভাৱনা আছে। অফিচত আপুনি গম পাব যে যাক আপুনি শত্ৰু বুলি ভাৱি আছিল তেখেত আচলতে আপোনাৰ শুভাকাংক্ষী হে হয়।

বৃশ্চিক ৰাশি : স্বাস্থ্যৰ অধিক যতন লোৱা উচিত। যিমান আপুনি ভাৱি আছিল,আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণ হব। পূৰণি স্মৃতিক আকৌ মনত কৰি আপোনাৰ বন্ধুত্বক পুনঃ জীৱিত কৰক আৰু সতেজ কৰাৰ এয়াই উত্তম সময়। আপোনাৰ ব্যৱসায় আৰু দৰ-দাম কৰাৰ ক্ষমতা আজি লাভদায়ক বুলি পৰিগণিত হব। এই ৰাশিৰ জাতক সকল নিজৰ বাবে বহুত সময় পাব।আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। আজি আপোনাৰ জীৱন সংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে।

ধনু ৰাশি : যদি আপুনি যোৱা কিছু সময়ৰ পৰা হতাশাৰ লগত যুজি আছে তেন্তে আপুনি মনত ৰখা উচিত যে সঠিক কৰ্ম আৰু বিচাৰৰ দ্বাৰা আপোনাৰ বাবে বহু প্ৰতীক্ষিত ৰেহাই লৈ আহিব। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিক ভাৱে নিৱেশ কৰক। যদি আপুনি নিজৰ আকৰ্ষিত প্ৰকৃতি আৰু বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰে তেন্তে বেলেগ মানুহৰ পৰাও আপুনি মনে বিচৰা ব্যৱহাৰ লাভ কৰিব পাৰে। আজি আপোনাৰ প্ৰেমৰ উত্তৰ প্ৰেম আৰু ৰোমাঞ্চৰ জৰিয়তে লাভ কৰিব। আপুনি আজি গম পাব যে আপোনাৰ বছ আপোনাৰ লগত কিয় ইমান ৰুক্ষ ভাৱে কথা কয়,কাৰণ জানি আপুনি স্বস্তিৰ নিশ্বাস পেলাব। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব, ফলস্বৰূপে মনত বহুত শান্তি পাবো। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহুৰ্ত সমূহো বহুত সহজ ভাৱে সন্মুখীন হব পাৰে।

মকৰ ৰাশি : আপোনাৰ ভয়ৰ চিকিৎসা কৰাৰ সময় আহি গৈছে।আজি আপুনি বহুত পইচা আয় কৰিব পাৰে । ভনীৰ বিয়াৰ খবৰ আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব,তথাপি তাৰ পৰা দূৰ হোৱাৰ খবৰে আপোনাক দুখী কৰি তুলিব পাৰে। কিন্তু আপোনাৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰা বাদ দি বৰ্তমানৰ সম্পূৰ্ণ আনন্দ লওক। প্ৰেমীক আজি আপোনাৰ কিবা এটা কথাই দুখ দিব পাৰে। তেখেত আপোনাক বেয়া পোৱাৰ আগতে আপুনি কথাটো উপলব্ধি কৰি তেখেতক মনোৱাটো আপোনাৰ কৰণীয়।

কুম্ভ ৰাশি : নিজকে সৃজনাত্মক কামৰ লগত জড়িত কৰক ,আপোনাৰ এই বহি থাকি কৰা কামৰ বাবে মানসিক্ভাৱে আপোনাক শান্ত কৰিব পাৰে। আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনা সমূহক গোপনীয় ৰাখক। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক , সিহঁতক অনুভৱ কৰাওক যে আপুনি সঁচাকৈয়ে মৰম কৰে ,সিঁহতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পৰা চাব । কামক মনোৰঞ্জনৰ লগত জড়িত নকৰিব । নিজকে সুস্থ সবল কৰিব বাবে আপুনি আজিও ধেৰ পৰিকল্পনা কৰিব কিন্তু বাকীদিন বোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হব। বিবাহৰ পিছত প্ৰেম হোৱাটো বহুত জটিল বুলি অনুভৱ হয় ,কিন্তু আপোনাৰ আজি অনুভৱ হব যে বিয়াৰ পিছত প্ৰেম প্ৰকৃততে সম্ভৱ।

মীন ৰাশি : এনেকুৱা গতিবিধিৰ লগত নিজকে অন্তৰ্ভুক্ত কৰক যি ৰোমাঞ্চকৰ হয় আৰু আপোনাক সন্তুষ্টি প্ৰদান কৰে। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। আপোনাৰ প্ৰিয়জনৰ লগত অলপ মতভেদ হব পাৰে লগতে আপোনাৰ লগৰীয়াক আপোনাৰ দৃষ্টি ভংগী বুজাত সমস্যাৰ সন্মূখীন হব পাৰে। আজি আপুনি এক নতুন কামৰ আৰম্ভ কৰি যি আপোনাৰ লগতে গোটেই পৰিয়ালৰে সমৃদ্ধি লৈ আহিব। আপোনাৰ বিশেষত্ব আৰু ভৱিষ্যতৰ পৰিকল্পনা সমূহৰ ওপৰত আকৌ এবাৰ বিবেচনা কৰাৰ এয়া সঠিক সময়।