Local, Vocal, Global

Congress joining programme in Dhemaji : গোগামুখত কংগ্ৰেছত যোগদান বিভিন্ন ৰাজনৈতিক দল সংগঠন শতাধিক কৰ্মীৰ

ধেমাজি,৭অক্টোবৰ : গোগামুখত কংগ্ৰেছ যোগদান শতাধিক কৰ্মীৰ । অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি ভূপেন বৰা উপস্থিতিত ৫০০ৰ অধিক লোকৰ কংগ্ৰেছত যোগদান ।

গোগামুখ ৰাজহুৱা প্রেক্ষাগৃহত সোমবাৰে ধেমাজি জিলা কংগ্রেছ কমিটিৰ উদ্যোগত আৰু বৰদলনি ব্লক কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, NSUI,সেৱাদলৰ সহযোগত বৃহৎ যোগদান কাযসূচী আয়োজন কৰা হয়।
উক্ত কাযসূচীত বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ প্ৰায় ৫০০ অধিক লোকে যোগদান কৰে কংগ্ৰেছ দলত(Congress joining programme in Dhemaji)।

উক্ত সভাখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, জিলা কংগ্ৰেছৰ কমিটীৰ সভাপতি ভাস্কৰ দুৱৰা, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কোষাদক্ষয় হেম হৰি পেগু, শৈলেন সোণোৱাল লগতে জিলা আৰু ৰাজ্যিক সমিতিৰ একাংশ জ্যেষ্ঠ বিষয় ববিয়া, ব্লক পৰ্যায় একাংশ বিষয়ববীয়া সকল উপস্থিত থাকে।

লগতে পঢ়ক :Bilasipara News : বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান