Local, Vocal, Global

Ratan Tata says hospital visit for medical check-up: ৰতন টাটাৰ অসুস্থ হোৱা বুলি বাতৰি প্ৰচাৰৰ পিছতে সামজিক মাধ্যমত পোষ্ট ৰতন টাটাৰ

নিউজ ডেস্ক,৭অক্টোবৰ : সামজিক মাধ্যমত পোষ্ট ৰতন টাটাৰ ।ৰতন টাটাৰ অসুস্থ হোৱা বুলি বাতৰি প্ৰচাৰৰ পিছতে সামজিক মাধ্যমত পোষ্ট ৰতন টাটাৰ(Ratan Tata says hospital visit for medical check-up)।

অসুস্থতাৰ বাতৰিক ভিত্তিহীন আখ্যা টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষ ৮৬ বছৰীয়া ৰতন টাটাৰ। স্বাস্থ্যক লৈ চিন্তাজনক একো হোৱা নাই বুলি জনাই ৰতন টাটাই। বাৰ্দ্ধক্যজনিত নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবেহে হাস্পতাললৈ যোৱা বুলি মন্তব্য কৰে বিশিষ্ট উদ্যোগপতিগৰাকীয়ে। মই সুস্থ হৈ আছো বুলি নিশ্চিত কৰিলে ৰতন টাটাই(Ratan Tata says hospital visit for medical check-up: ‘Rumours unfounded, there is no cause of concern’)।

উল্লেখ্যে যে বিশিষ্ট উদ্যোগপতি ৰতন টাটা অসুস্থ বুলি বাতৰি প্ৰচাৰ হৈছিল। ৰতন টাটাৰ ৰক্তচাপ যথেষ্ট হ্ৰাস পোৱাৰ বাবে সোমবাৰে পুৱা মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।

লগতে পঢ়ক :Assam Direct Recruitment Examination : ADRE ক লৈ গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ