Road Accident In Rongapara : দুৰ্গোৎসৱৰ উখল-মাখল পৰিবেশৰ মাজতে ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা
নিউজ ডেস্ক,৭অক্টোবৰ : দুৰ্গোৎসৱৰ উখল-মাখল পৰিবেশৰ মাজতে ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।দেওবাৰে সন্ধিয়া ৰঙাপৰাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা। AS12-L-7332 নম্বৰৰ বাইক আৰু AS12-W-4044 নম্বৰৰ মাৰুতি ভানৰ মাজত মুখামুখি সংঘৰ্ষ হয় ।দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক ৷ আহত দুজন ৰঙাপৰা মহাবিদ্যালয়ৰ ছাত্ৰ(Road Accident In Rongapara) ৷
আহত ছাত্ৰ দুজন ডেভিদ গয়াৰী আৰু জনচন নাৰ্জাৰী বুলি জানিব পৰা গৈছে ৷ ঢেকিয়াজুলিৰ পৰা ৰঙাপৰা মহাবিদ্যালয়লৈ আহি থকা সময়তে উক্ত দুৰ্ঘটনাটো সংঘটিত হয় ৷