Hostel residents protested on the campus of Gauhati University : গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত হোষ্টেল আবাসীৰ উত্তাল প্ৰতিবাদ
নিউজ ডেস্ক,৭অক্টোবৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ। হোষ্টেলৰ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ একাংশ আবাসীৰ।
উল্লেখ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ পিছতেRCC-1 আৰু RCC-2ৰ মাজত হৈছিল সংঘাত। নিবাৰ্চনৰ ফলাফলৰ দিনাই নিশালৈ দুয়োটা হোষ্টেলৰ আৱাসীৰ মাজত হৈছিল ভয়ংকৰ মাৰপিট। মাৰপিটৰ ফলত আহত হৈছিল বিশ্ববিদ্যালয়খনৰ কেইবাজনো ছাত্ৰ। তাৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই RCC-1 আৰু RCC-2 খালী কৰাৰ নিৰ্দেশ দিছিল( Hostel residents protested on the campus of Gauhati University)।
আবাস দুটা খালী কৰাৰ শেষ সময়সীমা দেওবাৰ।বন্ধ কৰি হৈছিল পানী,বিদ্যুত সকলো । তাৰ পিছতে দেওবাৰে নিশা ছাত্ৰ-ছাত্ৰীয়ে ঘেৰাও কৰে পঞ্জীয়কৰ আবাসগৃহ আৰু প্ৰতিবাদ কৰে ।দুপৰ নিশালৈকে শতাধিক শিক্ষাৰ্থীয়ে সাব্যস্ত কৰে প্ৰতিবাদ।
অৱশেষত শিক্ষাৰ্থীৰ দাবী মানিবলৈ বাধ্য হ’ল গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ। হোষ্টেল খালী কৰিবলৈ দিয়া নিৰ্দেশনা আজি দিনৰ ১১ বজাত লিখিতভাৱে বাতিলৰ আশ্বাস কৰ্তৃপক্ষৰ। সমান্তৰালকৈ ছুপাৰ ছিনিয়ৰৰ দখল নাথাকিব বিশ্ববিদ্যালয়ৰ হোষ্টেলত। ৬টা দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰদানৰ পাছতে দাবী মানি লয় কৰ্তৃপক্ষই।
লগতে পঢ়ক :Road Accident In Guwahati : গণেশ মন্দিৰৰ সমীপত পথ দুৰ্ঘটনা;আহত ২ বাইক আৰোহী