Sensational Incident : ধনু-কাঁড়েৰে আক্ৰমণ কৰি হত্যা এজন লোকক
গেলেকী,৬অক্টোবৰ : হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।
কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড।
নাজিৰাৰ লক্ষ্মীজানত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা।দেওবাৰে পুৱতি নিশাই সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।
ধনু-কাঁড়েৰে আক্ৰমণ কৰি হত্যা কৰাৰ সন্দেহ এজন লোকক।
বিমল ওৰাং নামৰ লোকজনে ধনুৰে কাড় মাৰি হত্যা কৰাৰ অভিযোগ টুকলু ভুমিজ নামৰ এজন লোকৰ বিৰুদ্ধে। পেটৰ সোঁমাজত কাঁড় সোমাই যোৱাৰ ফলত টুকলু ভুমিজ নামৰ লোকজন থিতাতে নিহত হয় বুলি জানিব পৰা গৈছে।
পুৱতি নিশা বিমল ওৰাং টুকলু ভুমিজৰ গৃহত উপস্থিত হৈ এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰে বুলি জানিব পৰা গৈছে।এই ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনাস্থলীত গেলেকী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে হত্যাকাৰী বিমল ওৰাং।
লগতে পঢ়ক :Dhubri News : ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি