Local, Vocal, Global

CM Himanta Biswa Sarma launched Nijut Moina scheme : প্ৰতিমাহৰ ১১ তাৰিখে পুৱা ১১ বজাত ছাত্ৰীসকলে লাভ কৰিব নিযুত মইনাৰ ধন: মুখ্যমন্ত্ৰী

নিউজ ডেস্ক,৬অক্টোবৰ : আজি খানাপাৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে ‘নিযুত মইনা’ আঁচনিৰ । ‘ছাত্ৰী সবলীকৰণৰ দিশে আৰু এখোজ’- এই লক্ষ্যৰে আৰম্ভ কৰা হৈছে ‘নিযুত মইনা’ আঁচনি। প্ৰথম অনুষ্ঠানত ৰাজ্যৰ মুঠ ১,৫৯,০৯৩ গৰাকী ছাত্ৰীলৈ আগবঢ়োৱা হৈছে ৰাজ্য চৰকাৰৰ আৰ্থিক অনুদান(CM Himanta Biswa Sarma launched Nijut Moina scheme)।

খানাপাৰাত মুখ্যমন্ত্ৰীয়ে আঁচনিখন মুকলি কৰিয়ে ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত আঁচনিখনৰ ধনৰাশি লাভ কৰাৰ পদ্ধতি আৰু চৰ্তাৱলীৰ বিষয়ে উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘অহা মাহৰ পৰা প্ৰতিমাহৰ ১১ তাৰিখে ১১ বজাত প্ৰতিগৰাকী ছাত্ৰীৰ মোবাইললৈ যাব একাউণ্টত টকা সোমোৱাৰ মেচেজ। বিদ্যালয়ত কোনো অভিযোগ নথকা ছাত্ৰীসকলেহে লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন।’

তেওঁ লগতে কয়, ‘কোনোবা ছাত্ৰীয়ে যদি প্ৰথম ষাণ্মাসিকত উত্তীৰ্ণ হৈ দ্বিতীয় ষাণ্মাসিকত নামভৰ্তি নকৰিব, তেওঁ পুনৰ সেই ধন নাপাব। কিন্তু স্নাতকোত্তৰ শ্ৰেণীৰ অধ্যয়নৰত ছাত্ৰীয়ে বিবাহপাশত আৱদ্ধ হ’লেও লাভ কৰিব এই আঁচনিৰ ধন।’

প্ৰথম কিস্তিৰ ধন বেংক একাউণ্টৰ পৰিৱৰ্তে বেংক ড্ৰাফটত দিয়াৰ ব্যৱস্থা কৰাৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘কাইলৈ প্ৰতিগৰাকী ছাত্ৰীয়ে নিজৰ স্কুল-কলেজত লাভ কৰিব এই বেংক ড্ৰাফট। একেদৰে, অসমৰ বাকী স্থানৰ অনুষ্ঠানসমূহত আজিয়েই প্ৰদান কৰা হ’ব চেক।’

লগতে পঢ়ক:Road Accident In Dergaon : চেগুন কাঠ কঢ়িয়াই অনা ট্ৰাকে মহতিয়াই নিলে হোটেল