Assam Government Inaugurates Co-District Commissioner Offices : কেবিনেট সিদ্ধান্ত অনুসৰিয়ে মুকলি হ’ল ৩৯খন সম জিলা

নিউজ ডেস্ক,৬অক্টোবৰ : কেবিনেট সিদ্ধান্ত অনুসৰিয়ে শুকুৰবাৰৰ দিনটোত মুকলি হ’ল প্ৰথম পৰ্যায়ত ২১খন সমজিলা। শনিবাৰে দিনটোত সাংযোজন ঘটিল আন ১৮খন সম জিলাৰ।
প্ৰথম পৰ্যায়ত প্ৰথম দিনটোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে সমষ্টিয়ে সমষ্টিয়ে কেবিনেট মন্ত্ৰীসকলে মুকলি কৰিলে সম জিলাৰ কাৰ্যালয়।
দ্বিতীয় দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে গুৱাহাটীৰ সম-জিলাৰ কাৰ্যালয়। প্ৰস্তাৱিত সিদ্ধান্ত অনুসৰি প্ৰথম পৰ্যায়ত সম জিলা মুকলি হ’লেও এই পৰ্যান্ত চূড়ান্ত হোৱা নাই আন ৩৯খন সম জিলাৰ সিদ্ধান্ত। সমষ্টি ভিত্তিত আহি পৰা কাৰ্যালয়ৰ সমূহৰ ক্ষেত্রত স্থানীয় জটিলতাৰ বাবে সিদ্ধান্ত ল’ব পৰা নাই ৰাজ্য চৰকাৰে(Assam Government Inaugurates Co-District Commissioner Offices)।
কিন্তু চলিত বিত্তীয় বর্ষৰ ভিতৰত চূড়ান্ত হ’ব আন ৩৯খন সম-জিলাৰ স্থানসমূহ। সমষ্টি ভিত্তিত নতুনকৈ গঠন হোৱা সম জিলাত উপলব্ধ হ’ব ভূমি আৰু ৰাজহ সম্পৰ্কীয় সুবিধা। সকলো চৰকাৰী বিভাগৰ ওপৰত প্ৰশাসনিক কৰ্তৃত্ব। প্ৰতিখন সম জিলাত থাকিব দণ্ডাধিকাৰীয় ক্ষমতা। উপলব্ধ থাকিব অৱকাৰী, যোগান, পঞ্চায়ত আৰু গ্ৰামোন্নয় সেৱা, দুৰ্যোগ ব্যৱস্থাপনা। উন্নয়ন আৰু জনকল্যানমূলক আঁচনি ৰূপায়ণৰ কৰ্তৃত্ব থাকিব প্ৰত্যকখন সম জিলাত।
বিধায়ক পুঁজি সমূহো সম্পাদন হ’ব সম জিলাত। সম-জিলাত থাকিব একোগৰাকী সম-জিলা আয়ুক্ত চমুকৈ CDC। এই ব্যৱস্থা হোৱাৰ লগে লগে ৰাজ্যৰ গৰিষ্ট সংখ্যক কাম সম জিলাৰ কায্যায়ৰ পৰাই কৰিব পাৰিব সাধাৰণ ৰাইজে।তৃনমূল পয্যায়ৰ লোকৰ কাম সমূহ কৰাৰ বাবে এই উদ্যোগ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।