Local, Vocal, Global

Poachers arrested in Kaziranga : কাজিৰঙাত আটক ৪টাকৈ চোৰাং চিকাৰীক

নিউজ ডেস্ক,৫অক্টোবৰ : চোৰাং চিকাৰীক আটক বন বিভাগৰ।শুকুৰবাৰে কাজিৰঙাত পৰিকল্পিতভাৱে গঁড় হত্যা কৰিবলৈ অহা চোৰাং চিকাৰীক আটক বন বিভাগৰ। চাইলেন্সাৰসহ চোৰাং চিকাৰী কেইজনক আটক কৰে বন বিভাগে।

চোৰাং চিকাৰী কেইজনক আটক কৰি আৰক্ষীক চমজাই দিয়ে বন বিভাগে( Poachers arrested in Kaziranga)।

আটকাধীন লোককেইজন- অৰ্জুন ৰংপি, খৰচিং বে, থাইজিল লেকথে আৰু চোবাৰ ইংলেং বুলি জানিব পৰা গৈছে। এই আটাইকেইগৰাকীৰ ঘৰ কাৰ্বি আংলং জিলাত। এই ঘটনাৰ মূল অভিযুক্ত হৈছে অৰ্জুন ৰংপি। ধৃত অৰ্জুনৰ স্বীকাৰোক্তিতে বাকী কেইজন জড়িত থকা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বাগৰী আৰক্ষী আৰু কাজিৰঙা বন বিভাগে এক যৌথ অভিযান চলাই । এই অভিযানত সহযোগ কৰে কাৰ্বি আংলং আৰক্ষীয়ে। কাৰ্বি আংলং আৰক্ষীয়ে দিয়া খবৰ অনুসৰি বাগৰী আৰক্ষী আৰু কাজিৰঙা বন বিভাগে অভিযান চলাইছিল।যৌথ অভিযানত ধৃত চিকাৰী কেইজনক আটক কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে কাৰ্বি আংলঙৰ ৰংবেঙৱেৰ অৰ্জুন ৰংপিক নগাঁও আৰক্ষীয়ে আটক কৰি কাৰ্বি আংলঙ আৰক্ষীক গতাই দিছে। ইয়াৰ পাছতে কাৰ্বি আংলঙ আৰক্ষীৰ মাৰাথন জেৰাত পোহৰলৈ আহে গঁড় হত্যাৰ পৰিকল্পনাৰ তথ্য।

লগতে পঢ়ক : NIA raids in Goalpara : গোৱালপাৰাত NIAৰ তালাচী অভিযান; জঈছ-ঈ-মহম্মদৰে জড়িত ৮ জনক গ্ৰেপ্তাৰ