Son Brutally Killed Mother : ডিব্ৰুগড়ত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ
ডিব্ৰুগড়,৫অক্টোবৰ : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ( Son Brutally Killed Mother) । পাষান পুত্ৰই মৰিয়াই মৰিয়াই হত্য়া কৰিলে মাতৃক । হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । ৰাজ্যত দিনক দিনক দিনে বৃদ্ধি পাইছে হত্যাকাণ্ডৰ ঘটনাই ।
এইবাৰ পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ । এক চাঞ্চল্যকৰ ঘটনাই কঁপাই গ’ল ডিব্ৰুগড় । নিজ জন্মদাত্ৰী মাতৃক প্ৰহাৰ কৰিবলৈও হাত নকপিল এজন কুলাংগাৰ পুত্ৰৰ( Son Brutally Killed Mother in Dibrugarh) ।
ডিব্ৰুগড়ৰ বাণীপুৰত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। শুকুৰবাৰে নিশা বাণীপুৰৰ ১১নং বাইলেনত সংঘটিত হয় এই ঘটনাটো ।
ঘৰৰ ভিতৰতেই নিজ মাতৃক হত্যা কৰিলে কুলাংগাৰ পুত্ৰই। মাতৃ পূৰ্ণিমা গগৈক ডিঙি চেপি হত্যা কৰে পাষাণ পুত্ৰই। হত্য়াকাৰী পুত্ৰৰ নাম শংকৰজ্যোতি গগৈ । নিশাই ঘটনাস্থলীত উপস্থিত গাভৰুপথাৰ থানাৰ আৰক্ষী। মাতৃহন্তা পুত্ৰ শংকৰজ্যোতি গগৈক গ্ৰেপ্তাৰ আৰক্ষীৰ ।বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ কৰিছে।